/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8bddba60-1999-491d-abda-5a6bf47d1ab6/567.jpg)
ডিজিটেল সংবাদ,শিলচৰ : বাংলাদেশলৈ সৰবৰাহৰ সময়ত বিএছএফে মেঘালয়ত ৪৭ টা চোৰাং ম'হ জব্দ কৰে। মেঘালয়ৰ পশ্চিম জয়ন্তীয়া আৰু পূব খাছি পাহাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ সময়ত ম'হ কেইটা জব্দ কৰা হয়।
গোপন তথ্যৰ ভিত্তিত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অভিযান চলাই বিএছএফৰ দল এটাই ম'হ কেইটা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ৪৭ টা ম'হ বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰাৰ বাবে সীমান্তৰ জংঘলত লুকুৱাই ৰখা হৈছিল। কিন্তু বিএছএফে চোৰাং ব্যৱসায়ীৰ এই উদ্দেশ্য বিফল কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/16b181bf-1280-417d-aa69-ca62e1b72b66/97a11087_8300_497f_b6dd_866fb3daa248.jpg)
ম'হ কেইটা জব্দ কৰা হ'লেও চোৰাং ব্যৱসায়ীসকল পলাই যাবলৈ সক্ষম হয়। অধিক তদন্তৰ বাবে জব্দ কৰা ম'হ কেইটা স্থানীয় আৰক্ষী থানাত গতাই দিয়া হয়।
Also Read: কোকৰাঝাৰৰ মাগুৰমাৰীত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ