৫১.৬ কিলোগ্ৰাম নিষিদ্ধ আফিং সহ দুই সৰবৰাহকাৰী আটক

৫১.৬ কিলোগ্ৰাম নিষিদ্ধ আফিং সহ দুই সৰবৰাহকাৰী আটক

author-image
Asomiya Pratidin
New Update
 ৫১.৬ কিলোগ্ৰাম নিষিদ্ধ আফিং সহ দুই সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ ডকমকাত বৃহস্পতিবাৰে ডকমকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুপল শেনচুৱাৰ নেতৃত্বত নিচাযুক্ত সামগ্ৰী জব্দ হয়।

Advertisment

নাকা তালাচিত ৫৪ টা পেকেটত ৫১.৬ কিলোগ্ৰাম নিষিদ্ধ আফিং (কানি) সহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা মতে ডিমাপুৰ দিশৰ পৰা নগাঁও অভিমুখে গৈ থকা NL-01-AF-0882 নম্বৰৰ এখন ট্ৰাকৰ গোপন চেম্বাৰত উদ্ধাৰ কৰে উক্ত আফিং খিনি।

আনহাতে উক্ত নিষিদ্ধ আফিং (কানি) খিনিৰ লগত জড়িত ট্ৰাক চালক সঞ্জীৱ চেত্ৰী আৰু হেন্দিমেন মনোজ চেত্ৰীক ডকমকা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Also Read: অপেক্ষা মাঁথো সময়লৈ...

Assam police