সাংসদ সঞ্জয় সিঙক বিনাচৰ্তে মুকলিৰ দাবীৰে কাৰ্বি আংলঙত আপৰ মৌন প্ৰতিবাদ

সাংসদ সঞ্জয় সিঙক বিনাচৰ্তে মুকলিৰ দাবীৰে কাৰ্বি আংলঙত আপৰ মৌন প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
সাংসদ সঞ্জয় সিঙক বিনাচৰ্তে মুকলিৰ দাবীৰে কাৰ্বি আংলঙত আপৰ মৌন প্ৰতিবাদ

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ইডি আইনৰ অধীনত বুধবাৰে দিল্লী আৰক্ষীয়ে আটক কৰা বিষয়ক লৈ আম আদমী পাৰ্টীৰ তৰফৰ পৰা সমগ্ৰ দেশজুৰি সম্প্ৰতি ব্যাপক প্ৰতিবাদৰ ঢৌৰ সৃষ্টি হৈছে। সেইলৈ আম আদমি পাৰ্টীৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশনা অনুযায়ী কাৰ্বি আংলং জিলা সমিতিয়েও বৃহস্পতিবাৰে জিলাখনৰ সদৰ চহৰস্থিত ছেমছন ছিং ইংতি মেমৰিয়েল পাৰ্কত সাংসদগৰাকীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত দুই ঘণ্টীয়া এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

উল্লেখযোগ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই সাংসদগৰাকীক বুধবাৰে দিল্লী আৰক্ষীয়ে আটক কৰিছে বুলি কাৰ্বি আংলং জিলা আম আদমি পাৰ্টীৰ উপ-সভাপতি ফুডিং তেৰাঙে সাংবাদিকৰ প্ৰকাশ কৰে। আম আদমি পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ উপ-সভাপতি ফুডিং তেৰাঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই প্ৰতিবাদস্থলীত সমিতিৰ সাধাৰণ সম্পাদক কাৰ্তিক বেৰ লগতে দলৰ বহুকেইগৰাকী নেতা আৰু কৰ্মীও উপস্থিত থাকে।

Also Read: মায়ঙৰ বালিমুখত শালিধানৰ পথাৰত পোকৰ উপদ্ৰৱ

aam aadmi party assam
News Hub