ডকমকাত ছুৰিৰ আঘাতত প্ৰাণ গ’ল এগৰাকী মহিলাৰ...

এক জঘন্য হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি আংলং । ডকমকা আৰক্ষী থানা এলেকাৰ ছাম তাৰ' গাঁৱত ছুৰিকাঘাতত নিহত হৈছে এগৰাকী মহিলা ।
ডকমকাত  নিহত এগৰাকী মহিলা
ডকমকাত নিহত এগৰাকী মহিলা

প্ৰতিদিন সেৱা, হাওৰাঘাটঃ এক জঘন্য হত্যাকাণ্ডই জোকাৰিছে কাৰ্বি আংলং ।ডকমকা আৰক্ষী থানা এলেকাৰ ছাম তাৰ' গাঁৱত ছুৰিকাঘাতত নিহত হৈছে এগৰাকী মহিলা । নিহত মহিলাগৰাকী তৰুণ তাৰ'ৰ পত্নী ২৮ বছৰীয়া জয়া ৰংহাংপী ।

পৈত্ৰিক সম্পত্তি হিচাপে লাভ কৰা ভূমি জয়া ৰংহাংপীৰ নামত আছে যদিও কৌশলেৰে আন এজনক বিক্ৰী কৰে বাবু ৰংহাং নামৰ দূৰ সম্পৰ্কীয় লোকজনে । বাবু ৰংহাঙে ডকমকাৰ ভেলৌঘাটৰ পৰা ছাম তাৰ' গাঁৱত আহি উপস্থিত হয় তৰুণ তাৰ'ৰ ঘৰত । লগত আছিল দুই সংগী । বাবু ৰংহাঙে জয়াৰ নামত থকা মাটি এবিঘা বিক্ৰী কৰাত অসন্ত্ষ্ট হয় জয়া ।

জয়াই মাটি বিক্ৰি কৰা কথাটোত মানি নোলোৱাৰ বাবেই নিজৰ মোনাত লুকুৱাই অনা ছুৰি কটাৰীৰে হানি খুচি হত্যা কৰে । লগে লগে জয়াক ডকমকা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাবতি লয় জয়াই ।

হত্যাকাৰী দূৰ সম্পৰ্কীয় খুৰাক বাবুয়ে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত । হত্যা কৰি নিজেই ডকমকা আৰক্ষী থানাত উপস্থিত হয় । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে । ভূমি সংক্ৰান্তীয় ঘটনাই বিষম ৰূপ লোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ।

ডকমকাত  নিহত এগৰাকী মহিলা
ইতিহাস ৰচনা কৰিব অসম মন্ত্ৰীসভাই, দেওবাৰে বিধানসভাৰ অধ্যক্ষৰ সমষ্টিত ৰাজ্যিক কেবিনেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in