২০০ ভোটত নিৰ্দলীয়ক পৰাজিত কৰি ফুলনী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়

২০০ ভোটত নিৰ্দলীয়ক পৰাজিত কৰি ফুলনী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়

author-image
asomiyapratidin
New Update
২০০ ভোটত নিৰ্দলীয়ক পৰাজিত কৰি ফুলনী সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়

ডিজিটেল ডেস্ক: কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ভোটগণনাত শাসক দল বিজেপিৰ জয় যাত্ৰা অপ্ৰতিৰুদ্ধভাৱে অব্যাহত আছে। বৃহৎ সংখ্যক সমষ্টিত বিজেপিয়ে একাধিপত্য সাৱ্যস্ত কৰাৰ বিপৰীতে মাত্ৰ ৪ টা সমষ্টিত নিৰ্দলীয় আৰু এপিএইচএলচি ৰ ৪ গৰাকী প্ৰতিদ্বন্দ্বিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হয়।

Advertisment

ইয়াৰ ভিতৰতে ১২ নং ফুলনী সমষ্টি তেনেই কম সংখ্যক প্ৰায় ২০০ ভোটৰ ব্যৱধানত অৱশেষত ৫৬৯২ টা ভোট লাভ কৰি বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয় বিজেপি দলৰ প্ৰাৰ্থী কাংগুৰা কিলিঙে। তেওঁ ৫৬৯২ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী ধনীৰাম টিমুঙে ৫৪৮৩ টা ভোট লাভ কৰে।

আনহাতে জিলাখনৰ নিৰ্বাচনত প্ৰথমবাৰলৈ অৱতীৰ্ণ হোৱা আম আদমী পাৰ্টীৰ প্ৰাৰ্থী দশৰথ দাসে সমষ্টিটোৰ নিৰ্বাচনত ২৭৪৪ টা ভোট লাভ কৰি তৃতীয় স্থানত নিজৰ ভেঁটি সাৱ্যস্ত কৰিবলৈ সক্ষম হয়।

লক্ষণীয় ভাৱে প্ৰধান বিৰোধী দল ৰূপে ৰাজ্যত পৰিগণিত কংগ্ৰেছ দলে মাত্ৰ ৫০৭ টা ভোট লাভ কৰি পঞ্চম স্থানতে সীমাবদ্ধ থাকিবলগীয়া হয়। উল্লেখ্য যে, সমষ্টিটোত ভোট প্ৰদান কৰিছিল ১৬৬৬২ জন ভোটাৰে আৰু ইয়াৰে ৪৯৩ টা ভোট নাকচ হয়।

আৰু পঢ়ক: আশা কৰা ধৰণেই বিজয় সাৱ্যস্ত UPPL ৰ মণ্টু বড়োৰ

bjp aap karbi anglong congress