ডিজিটেল সংবাদ, হাওৰাঘাটঃ যোৱা ১৩ আগষ্টৰ পুৱতি নিশা কাৰ্বি আংলং জিলা আৰু হোজাই জিলাৰ সীমান্তৱৰ্ত্তী বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ টকৌবাৰীত নিল কুমাৰ বৰদলৈ(৬০ বছৰ) বিভীষণ বৰদলৈ (৫০বছৰ) নামৰ দুগৰাকীকৈ নিৰীহ গঞাক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি মৃতদেহ দুটা টকৌবাৰী গাঁৱৰ সমীপত ৰাস্তাৰ দাঁতিত পেলাই থৈ গৈছিল আৰু ইয়াৰ পিছতেই দুয়োখন জিলাৰ জনসাধাৰণৰ মাজত এক চেপা উত্তেজনাই বিৰাজ কৰিছিল।
প্ৰশাসনে তাৎক্ষণিক ভাৱে জিলা দুখনৰ সীমান্তৰ জিন্দাবজাৰত এক আৰক্ষী শিবিৰ স্হাপন কৰি দুয়োখন জিলা প্ৰশাসনে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ জোৰ তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ মাজতে দুয়োখন জিলাৰ প্ৰশাসনে ৰাইজৰ মাজত শান্তি শৃংখলা অটুত ৰখাৰ আহ্বান জনাই চামগাঁও তিৱা সাংস্কৃতিক ভৱন প্ৰাঙ্গণত আজি এক শান্তি সভাৰ আয়োজন কৰে। শিক্ষক সাহিত্যিক শৰৎ পাটৰৰ পৌৰহিত্যত অনুষ্ঠিত শান্তি সভাখনত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত জ্যোৰ্তিময় দৈমাৰী, হোজাই জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত জয় কান্ত শৰ্মাৰ লগতে দুয়োখন জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বয় প্ৰশান্ত বৰুৱা আৰু পল্লৱ তামুলীয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
দুয়োখন জিলাৰ সীমান্তবৰ্তী এলেকাৰ তিনিশতাধীক ৰাইজৰ উপস্থিতিত দুয়োখন জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলটোত শান্তি সম্প্ৰীতি অটুত ৰখাৰ আহ্বান জনায়।দুয়োখন জিলাৰ প্ৰশাসনে নিৰীহ লোকক হত্যাৰ ঘটনাক গুৰুত্ব সহকাৰে লৈছে আৰু অতি সোনকালেই অপৰাধীক কৰায়ত্ত কৰিব পৰা যাব বুলি নিশ্চিত প্ৰদান কৰি দুয়োখন জিলাৰ জনসাধাৰণক আৰক্ষী মহলক সহযোগিতা কৰিবলৈ আৰু উৰা বাতৰিৰ পৰা ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। আজিৰ সভাই সৰ্ব সন্মতি ক্ৰমে ইতিমধ্যে জিলা দুখনৰ সীমান্তৰ জিন্দাবজাৰত স্হাপন কৰা আৰক্ষী শিবিৰটো স্হায়ীকৰণ কৰাৰ আহ্বান জনায়।
সভাই অপৰাধীক সোনকালেই কৰায়ত্ব কৰি শোকসন্তপ্ত পৰিয়াল দুটিক যথোচিত ন্যায় প্ৰদানৰ আহ্বান জনোৱাৰ লগতে মৃতকৰ পৰিয়ালক একালিন আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।অন্যহাতেদি দুয়োখন জিলাৰ সীমামূৰীয়া নেতৃস্থানীয় ৰাইজৰ একত্ৰীকৰণেৰে এখন শান্তি কমিটিও গঠন কৰা হয়। উল্লেখ্য,উক্ত ঘটনাৰ তদন্তৰ বাবে সম্প্ৰতি অতিৰিক্ত আৰক্ষী অধীক্ষক মাৰ্টিন দেউৰীক দায়িত্ব ন্যস্ত কৰা হৈছে বুলি আজি দুয়োখন জিলাৰ প্ৰশাসনে জানিবলৈ দিয়ে।