পথৰ ওপৰত কঠিয়া সিঁচি প্ৰতিবাদ পুৰণি বলাই গাঁৱবাসীৰ

পথৰ ওপৰত কঠিয়া সিঁচি প্ৰতিবাদ পুৰণি বলাই গাঁৱবাসীৰ

ডিজিটেল সংবাদ,ডিব্ৰুগড় : ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ কোটোহা গাঁও পঞ্চায়তৰ পুৰণি বলাই গাঁৱৰ এটা বিধ্বস্ত পথে জ্বলা কলা খোৱাইছে সৰ্বসাধাৰণ ৰাইজক। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে মৰাণ সমষ্টিৰ বিধায়কজনে দিয়া প্ৰতিশ্ৰুতি অৱশেষত পৰিণত হ'ল ফুটুকাৰ ফেনত।

প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুৰণি বলাই অঞ্চলৰ এই পথচোৱাৰে পেন্ট কোঁচাই হাতত জোতা-চেণ্ডেল লৈ বিদ‍্যালয়লৈ যাব লগীয়া হ‌য় ছাত্র ছাত্ৰীসকল। চিকিৎসাৰ বাবে ৰোগী নিবলৈ এই পথচোৱাৰে যাব নোৱাৰে এখন এম্বোলেঞ্চ কিম্বা অন্যান্য গাড়ী।

ফলত বোকোচাত তুলি নিবলগীয়া হয় ৰোগীক। এতিয়া এই পথচোৱাৰ বাবে যমৰ যাতনাত ভুগিব লগীয়া হৈছে স্থানীয় অঞ্চলৰ ৰাইজ। বোকাময় পথৰ ওপৰতে কঠিয়াৰ ধান সিঁচি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে পুৰণি বলাই অঞ্চলটোৰ একাংশ ৰাইজে।

এই পথচোৱা যতায়াতৰ সুচল ব‍্যৱস্থা কৰি নিদিলে অনাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ জনাই ডিব্ৰুগড়ৰ কোটোহা গাঁও পঞ্চায়তৰ পুৰণি বলাই গাঁৱৰ ৰাইজে। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো স্থানীয় বিধায়ক কিম্বা জনপ্ৰতিনিধিক ৰাইজে বাৰম্বাৰ অনুনয় বিনয় কৰিও জনপ্ৰতিনিধিসকলে উক্ত পথছোৱা উন্নয়নৰ ক্ষেত্ৰত গা-এৰা দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।

পথৰ ওপৰত কঠিয়া সিঁচি প্ৰতিবাদ পুৰণি বলাই গাঁৱবাসীৰ
মহানগৰীৰ ধীৰেনপাৰাত ভূমিস্খলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in