ৰাহুল গান্ধীক সতেজ ৰঙা গোলাপ দি ভাৰত জোড়ো যাত্ৰাত চামিল অভিনেত্ৰী স্বাৰা ভাস্কৰ...

ৰাহুল গান্ধীক সতেজ ৰঙা গোলাপ দি ভাৰত জোড়ো যাত্ৰাত চামিল অভিনেত্ৰী স্বাৰা ভাস্কৰ
ৰাহুল গান্ধীক সতেজ ৰঙা গোলাপ দি ভাৰত জোড়ো যাত্ৰাত চামিল অভিনেত্ৰী স্বাৰা ভাস্কৰ

ডিজিটেল ডেস্কঃ বলিউড অভিনেত্ৰী স্বাৰা ভাস্কৰে যোগদান কৰিলে ভাৰত জোড়ো যাত্ৰাত। ৰাহুল গান্ধীলৈ আগবঢ়ালে ৰঙা গোলাপ।

বৰ্তমান মধ্যপ্ৰদেশত থকা ভাৰত জোড়ো যাত্ৰাৰ মাজতে বৃহস্পতিবাৰে স্বাৰা ভাস্কৰে এই যাত্ৰালৈ সমৰ্থন জনাই নিজেও যোগদান কৰিলে।নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে স্বাৰাই আপলোড কৰিছে এই যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰাৰ ফটো।

ফটোত দেখা গৈছে স্বাৰাই ৰাহুল গান্ধীলৈ আগবঢ়াইছে এপাহ সতেজ ৰঙো গোলাপো। মধ্যপ্ৰদেশৰ উজ্জয়িনীত ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা স্বাৰা ভাস্কৰে এই সম্পৰ্কে নিজৰ মন্তব্যও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে।

তেওঁ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে ঘৃণাৰ বিৰুদ্ধে আৰু দেশৰ সৈতে থিয় দিয়বলৈও আহ্বান জনাইছে। ইফালে নিজৰ স্পষ্টবাদী চৰিত্ৰৰ বাবেই প্ৰায়ে চৰ্চাৰ শীৰ্ষত থকা স্বাৰা ভাস্কৰৰ ভাৰত জোড়ো যাত্ৰাত চামিল হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

বহুতেই তেওঁক এই পদক্ষেপক সমৰ্থন জনোৱাৰ লগতে আন বহুতেই তেওঁক ট্ৰল কৰা পৰিলক্ষিত হৈছে। বলিউড অভিনেত্ৰী গৌহৰ খানেও স্বাৰা ভাস্কৰৰ এই যাত্ৰালৈ সমৰ্থন আগবঢ়াইছে।

সমান্তৰালকৈ চৰ্চা চলিছে শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে এই সন্দৰ্ভত স্বাৰাই এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in