কামৰূপ(ম) পৰিবহনে সংগ্ৰহ কৰিলে ৪৭০ কোটিৰো অধিক টকাৰ ৰাজহ

কামৰূপ(ম) পৰিবহনে সংগ্ৰহ কৰিলে  ৪৭০ কোটিৰো অধিক টকাৰ ৰাজহ

ডিজিটেল ডেস্কঃ ১ এপ্ৰিল,২০২৪ ৰ পৰা আৰম্ভ হ'ল নতুন বিত্তীয় বৰ্ষৰ। যোৱা বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ নামত কামৰূপ জিলা পৰিবহনে ৰাজহ সংগ্রহত গঢ়িলে অভিলেখ।

তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত পৰিবহণ কাৰ্যালয়ৰ সৰ্বাধিক ৰাজহ সংগ্রহ কৰে।কামৰূপ পৰিবহনে বিগত বৰ্ষত ৪৭০ কোটি ১০ লাখ ৬ হাজাৰ ৪৩ টকা ৰাজহ সংগ্রহ কৰিছে।

২০২২-২৩ বিত্তীয় বৰ্ষত সংগ্রহ হৈছিল ৩৬৪,৯৪,৫০,৮৬৯ টকা। পূৰ্বতকৈ বিগত বৰ্ষত প্রায় ১০৬ কোটি টকাৰ অধিক ৰাজহ সংগ্রহ কৰিছে বিভাগটোয়ে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। ২০২৩ বৰ্ষত অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছে ৩২৯৮ জন লোকৰ। মুঠ ৭৪৩২ টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে ৫৯১০ লোকৰ।

উল্লেখ্য যে, ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। এই ক্ষেত্ৰত পৰিবহন বিভাগে যিমানখিনি ব্যৱস্থা হাতত ল'ব লাগিছিল সেয়া লোৱা পৰিক্ষিত হোৱা নাই। কামৰূপ মহানগৰতো বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। এই সকলোবোৰ দিশ লক্ষ্য কৰিলে এটা কথাই বুজিব পাৰি যে এতিয়া কেৱল পৰিবহন বিভাগে ৰাজহ সংগ্ৰহতহে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বিপীৰতে পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত কানসাৰ নাই বিভাগটোৰ।

কামৰূপ(ম) পৰিবহনে সংগ্ৰহ কৰিলে  ৪৭০ কোটিৰো অধিক টকাৰ ৰাজহ
অসম কৃষি বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠা দিৱস আৰু সমাৱৰ্তন অনুষ্ঠান…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in