/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ac0af301-cfd5-4871-9f96-410927b76ede/9.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৪ তম্ সমাৱৰ্তন আৰু ৫৬ সংখ্যক প্রতিষ্ঠা দিৱস সোমবাৰে কেন্দ্ৰীয়ভাৱে যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ'য়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত স্মৃতি তৰ্পনৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সমাৱৰ্তনৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'য়।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা আই চি এ আৰৰ সঞ্চালক প্রধান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক বিভাগৰ সহকাৰী সঞ্চালক প্রধান ড° হিমাংশু পাঠকে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/16c9dbc6-9c69-410d-9fc8-e1d7f8ae5126/a55627a7_3865_44a1_9cc0_a558826a9517.jpg)
ভাষণ প্ৰসংগত ড: পাঠকে কয় যে এখন বিশ্ববিদ্যালয় মূল্যায়ন হয় শিক্ষাৰ্থীৰ গুণগত মানদণ্ডৰ ওপৰত। শিক্ষা আৰু শিক্ষাৰ্থীৰ মানদণ্ড বঢ়া মানেই বিশ্ববিদ্যালয়ৰ এখন আগুৱাই গৈছে বুলি ক'ব পাৰি। সেই দিশেৰে দেশৰ কৃষি শিক্ষাৰ উন্নতিৰ লগে লগে দেশত কৃষি উৎপাদন, গৱেষণা আদিতো অগ্ৰগতি পৰিলক্ষিত হয় আৰু সামগ্ৰিকভাৱে দেশৰ উন্নতিৰ ক্ষেত্ৰত কৃষিক্ষেত্ৰ অধিক অংশীদাৰ হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটোত দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানী গৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ ভাৰতীয় কৃষি ব্যৱস্থাত বিপ্লৱৰ সূচনা হোৱা বুলি উল্লেখ কৰি কৃষিৰ লগত জড়িতসকল অধিক দায়বদ্ধ হ'ব লাগিব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ffffc38c-610b-45e2-b56e-ca3a3b53d5c5/0eac06af_ac00_4604_a79b_d1e35cd66123.jpg)
পৰম্পৰাগত কৃষিকাৰ্য আৰু আধুনিক কৃষি শিক্ষাৰ সামঞ্জস্যৰে দেশৰ কৃষিক্ষেত্ৰক আগবঢ়াই নিয়াতো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰে। উপাচাৰ্য ড: ডেকাই আদৰণি ভাষণত দেশৰ কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰি উদ্ভাৱনী চিন্তাৰে সময়ৰ সৈতে খোজ মিলাই অসম কৃষি বিশ্ববিদ্যালয় আগুৱাই গৈছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4ce24ec9-fd47-46d6-a926-0796ba8d6629/3a360ba9_6375_4a18_bac8_c9fa0ede9b64.jpg)
এই সমাৱৰ্তন অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ১১২০ শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকল, অধিবিদ্যা পৰিষদৰ সদস্যসকল, বিজ্ঞান গুৰুসকল, গৱেষণা সঞ্চালকসকল, মুৰব্বী অধ্যাপক বিজ্ঞানীসকল, গৱেষকসকল আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে । বিয়লি বিশ্ববিদ্যালয় খেলপথাৰত এখনি প্ৰীতি ফুটবল খেল আৰু বিশ্ববিদ্যালয়ৰ চৌহদ আলোকিত কৰণ কৰা হয়। ইয়াৰ পিছতে বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে।
Also Read: 'আমাৰ ৰঙালী আমাৰ ট্রেণ্ডচ'ৰ আয়োজন