/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/618cb871-4e3a-4397-b829-419382814e19/ap_for_web_krishi_mela.jpg)
ডিজিটেল সংবাদ, কামৰূপ: কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আৰু 'অক্টোপাছ' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত যোৱা ১৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা কৃষক প্ৰশিক্ষণ তথা কৃষি মেলাৰ আজি পৰিসমাপ্তি ঘটে। ছয়দিনীয়া কাৰ্যসূচীৰে চলা এই কৃষি মেলা কামৰূপ জিলাৰ গেৰুৱা, বৰদুৱাৰ, হাজো, বংশৰ, বকো, ৰঙিয়া, নকুলকে ধৰি প্ৰায় পোন্ধৰটা কৃষি উন্নয়ন খণ্ডত অনুষ্ঠিত হয়।
কৃষকসকল উপকৃত হোৱাকৈ এই মেলালৈ আমন্ত্ৰিত অতিথি আৰু বিভাগীয় বিষয়াসকলে মাটিৰ স্বাস্থ্য পৰীক্ষণ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ধান ক্ৰয়কে আদি কৰি বিভাগীয় আচঁনিৰ লগতে কাঠফুলাৰ দৰে ব্যতিক্ৰমী খেতিৰে কেনেদৰে স্বাৱলম্বী হ'ব পাৰি তাৰ প্ৰশিক্ষণ দিয়ে। কৃষকসকলৰ উপস্থিতিৰ লগতে বিভিন্ন বিষয়ত জ্ঞান লাভৰ উৎসুকতাই মেলাখন সাফল্যমণ্ডিত কৰি তোলে।
হাজোত হোৱা মেলাত কৃষি উন্নয়ন বিষয়া কাশ্যপ পৰাগ বেজবৰুৱাৰ উপৰিও বিভাগীয় অন্যান্য বিষয়ববীয়াসকলৰ লগতে আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিশেষজ্ঞ ঋতুপৰ্ণ শইকীয়া। একেদৰেই বকোত মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতাই দ্বাৰ মুকলি কৰা সভাখনত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া হিতেশ ডেকা আৰু কিশোৰ তালুকদাৰ উপস্থিত থাকে। বংশৰত কৃষি উন্নয়ন বিষয়া দুৰ্লভ দাস আৰু গেৰুৱাৰ কৃষি উন্নয়ন বিষয়া চৈয়দ জাকিৰ হুছেইন, নকুলত মহকুমা কৃষি বিষয়া প্ৰবীণ মেধি, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ৰুমী গোস্বামী, ত্ৰিবেণী দত্ত আৰু কৃষি উন্নয়ন বিষয়া স্মিতা শৰ্মা, ছয়গাঁৱত কৃষি উন্নয়ন বিষয়া ড° নিলাক্ষী কাকতিৰ লগতে বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
Also Read: ভুৱা ভূগোলৰ প্ৰশ্ন কাকত ভাইৰেল কৰা দুই ছাত্ৰক কৰায়ত্ব..