ৰুষ্ট প্ৰকৃতি, অসহায় মানৱ! ক’ত পাব নিৰাপদ স্থান, সকলো পানীৰ তলত…

ৰুষ্ট প্ৰকৃতি, অসহায় মানৱ! ক’ত পাব নিৰাপদ স্থান, সকলো পানীৰ তলত…

author-image
asomiyapratidin
New Update
ৰুষ্ট প্ৰকৃতি, অসহায় মানৱ! ক’ত পাব নিৰাপদ স্থান, সকলো পানীৰ তলত…

ডিজিটেল সংবাদ, দুমুনিচকী:- কামৰূপ জিলা তথা কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ মালিবাৰী অঞ্চলৰ ৰাইজে প্ৰায় এমাহৰ ভিতৰতে এটাৰ পিছত আনটোকৈ দুটা প্ৰলয়ংকৰী বানৰ সম্মুখীন হ'ব লগীয়া হৈছে। প্ৰথমে সন্মুখীন হোৱা বানৰ বিভিষীকাৰ কথা মনত সজীৱ হৈ থকাৰ সময়তে বিগত কেইবাদিন ধৰি পুনৰ নেৰানেপেৰাকৈ বৰষুণ দি থকাত খেতি পথাৰ লগতে বাট পথকে ধৰি, একাংশ লোকৰ চোতালো জলমগ্ন হৈ পৰে।

Advertisment

কিন্তু ভূতৰ ওপৰত দানহ পৰা দি শুকুৰবাৰে নেৰানেপেৰা বৰষুণত নিশা প্ৰায় ১০-৩০ বজাত দৰং জিলাৰ পাঠেৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত দিপীলাৰ পৰা চেঙেলীয়াত ননৈ নদীৰ মথাউৰিটো কেইবাটাও অংশত ছিগি যায়। ফলত উক্ত প্ৰলয়ংকৰী পানীৰ সোঁতে নিশাটোৰ ভিতৰতে মালিবাৰী অঞ্চলৰ বাট পথ, ডাঙৰ ডাঙৰ ফিছাৰি বুৰাই পেলোৱাৰ উপৰি মলিবাৰী অঞ্চলৰ অধিকাংশ লোকৰ শোৱনি কোঠাত একাঁঠু পৰ্য্যন্ত পানী জমা হয়।

ফলত অঞ্চলটোৰ অৰ্ধশতাধিক পৰিয়ালে ঢাপলি মেলিছে অস্থায়ী আশ্ৰয় শিবিৰলৈ অথবা ওখ স্থানলৈ। নিৰাপদ স্থানলৈ লৈ গৈছে পোহনীয়া গৰু ছাগলী। বৰ্তমান সময়তো একঁকাল তলত আছে গাঁওখনৰ পথ। বান পানীৰ প্ৰবল সোঁতে মালিবাৰীৰ পৰা দুমুনিচকী সংযোগী গড়কাপ্তানী পথৰ দাঁতিৰ কেইবাডালো গছ উভালি পেলোৱাৰ উপৰি উক্ত গড়কাপ্তানী পথটোৰ এটা বৃহৎ অংশ সম্পুৰ্ণ ভাৱে ছিগি গৈছে।

ইয়াৰ উপৰি অতি ব্যস্ত শালমাৰা- আন্ধেৰীঘাট গড়কাপ্তানী পথটোৰ ওপৰেদি বান পানীৰ প্ৰৱল সোঁত ববলৈ আৰম্ভ কৰিছে। যি দৃশ্য মালিবাৰী বাসী ৰাইজে পুৰ্বে কেতিয়াও দেখা নাই বুলি জানিবলৈ দিয়ে।

আৰু পঢ়ক: পুৱাই সুৰাপান কৰি বিদ্যালয়লৈ আহে এজন শিক্ষক, পিছে আছিল দিন বেয়া আৰু…

assam kamrup flood