পুৱাই সুৰাপান কৰি বিদ্যালয়লৈ আহে এজন শিক্ষক, পিছে আছিল দিন বেয়া আৰু…

পুৱাই সুৰাপান কৰি বিদ্যালয়লৈ আহে এজন শিক্ষক, পিছে আছিল দিন বেয়া আৰু…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  শিক্ষকতাৰ পবিত্ৰ বৃত্তিত চূড়ান্ত কালিমা সানি উৰ্ধবাহু নৃত্য চলাই অহা এজন মদাহী শিক্ষক শনিবাৰে জালত পৰিল।  ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত মুক্তা ৰাম গগৈ নামৰ মাতাল ব্যক্তি জনে বিগত কেইবা বছৰ ধৰি আকন্ঠ সুৰা পান কৰি বিদ্যালয়লৈ  বহু পলমকৈ অহাটো স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছিল। 

গ্ৰামাঞ্চলিয় কণ কণ  দৰিদ্ৰ শিক্ষাৰ্থী সকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এই গৰাকী মাতাল শিক্ষকৰ গুৰু গোঁসাই নমনা স্বেচ্ছাচাৰী স্থিতিৰ বিৰুদ্ধে বহুবাৰ বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক সকলে বৰদলনি শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক ৰাজহুৱা অভিযোগ দাখিল কৰি আহিছিল। কিন্তু উদণ্ড আৰু মতলবি শিক্ষকৰ নামত কলংক  স্বৰুপ এইজন প্ৰধানৰ তাণ্ডৱত লেকাম লগাবলৈ সক্ষম হোৱা নাছিল কোনো পক্ষ। 

শিক্ষা বিভাগক অভিযোগ দি দি ভাগৰি পৰা অভিভাৱক  আৰু পৰিচালনা সমিতিৰ এনে ধাৰাবাহিক অতিষ্ঠতাৰ প্ৰমাণ ল'বলৈ আজি বিদ্যালয়খনত উপস্থিত হ'লগৈ ঢকুৱাখনা মহকুমাৰ বিদ্যালয় সমূহৰ উপ পৰিদর্শক চুমী শইকীয়া ।  আকস্মিক অভিযান চলাই শনিবাৰে আগবেলা ৯-১৫ বজাত বিদ্যালয়খনত উপস্থিত হোৱা শিক্ষা  বিষয়া গৰাকীয়ে বিদ্যালয় খনত প্ৰধান শিক্ষক গৰাকীক নিৰ্ধাৰিত সময়ত অনুপস্থিত দেখা পায়।

পৰৱৰ্তী সময়ত বিদ্যালয় প্ৰাতঃ সভা আদি নিজে উপস্থিত থাকি সম্পন্ন কৰাৰ বহু পাছত প্ৰায় ১০.১৮ বজাত আকন্ঠ মদ্যপান কৰি বিদ্যালয়ত ঢলং পলংকৈ উপস্থিত হয় প্ৰধান শিক্ষকজন ।  সুৰামত্ত হৈ  বহু পলমকৈ  শিক্ষানুষ্ঠানত প্ৰৱেশ কৰা  প্ৰধান শিক্ষক জনক শিক্ষা বিষয়া গৰাকীয়ে জবাবদিহি কৰাত মদাহী শিক্ষক জনে  নানা অপ্ৰাসংগিক আৰু বেপৰোৱা কথা কৈ উপস্থিত অভিভাৱক, পৰিচালনা সমিতি আৰু শিক্ষা বিষয়া গৰাকীক স্তম্ভিত কৰে।

  শিক্ষা বিষয়া গৰাকীৰ উপস্থিতিকো কেৰেপ নকৰা মাতাল শিক্ষকজনে  সুদীর্ঘ সময় ধৰি অব্যাহত ৰখা অভব্য আচৰণত অতিষ্ঠ হৈ শিক্ষা বিষয়া গৰাকীয়ে ঘিলামৰা আৰক্ষীক অৱগত কৰে ।  পাছত ঘিলামৰা থানাৰ আৰক্ষী বিষয়া হেমন্ত  কুমাৰ কোঁৱৰ গৈ মাতাল শিক্ষকজনক আটক কৰি থানালৈ আনে আৰু স্বাস্থ্য পৰীক্ষা কৰে। পৰৱৰ্তী সময়ত মাতাল শিক্ষক জনক মোকলাই দিয়া হয়।

বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক সকলে দৈনিক এনে নিচাসক্ত হৈ বিদ্যালয়লৈ পলমকৈ অহা ,শিক্ষাৰ্থীক নিয়মীয়াকৈ মধ্যাহ্ন ভোজন নোখোওৱা ,শিক্ষা দান নকৰা আদি দেধাৰ অভিযোগত অভিযুক্ত প্ৰধান শিক্ষক গগৈক  তৎকালীন ভাবে বিদ্যালয়খনৰ পৰা  বদলি কৰাৰ আহ্বান জনায় শিক্ষা বিষয়া শইকীয়াক । এগৰাকী ৱ শিক্ষকৰ নিৰন্তৰ উন্মত্ত আচৰণত অতিষ্ঠ শিক্ষাৰ্থী অভিভাৱক সকলে এগৰাকী সৎ শিক্ষকক নিযুক্তিৰ আহ্বান জনাইছে শিক্ষা বিষয়া গৰাকীক। এগৰাকী প্ৰধান শিক্ষকৰ এনে মাতাল চৰিত্ৰ স্বচক্ষে প্রত্যক্ষ কৰি অনাগত সময়ত কি অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰে ডি আই শইকীয়াই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in