বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী: কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ৰ কাষতে জাবৰৰ দম...

আধুনিক উন্নয়ন আৰু আভিযাত্যৰ নিদৰ্শন দাঙি ধৰা কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয় পৰিসৰ এতিয়া পৰিণত হৈছে ডাম্পিং গ্ৰাউণ্ডলৈ।

author-image
Asomiya Pratidin
New Update
বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী: কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ৰ কাষতে জাবৰৰ দম...

ডিজিটেল সংবাদ, কামৰূপ : আধুনিক উন্নয়ন আৰু আভিযাত্যৰ নিদৰ্শন দাঙি ধৰা কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয় পৰিসৰ এতিয়া পৰিণত হৈছে ডাম্পিং গ্ৰাউণ্ডলৈ। জিলা উপায়ুক্ত কাৰ্যালয় আৰু কামৰূপ জিলা সত্ৰ ন্যায়ধীশৰ কাৰ্যালয়ৰ নিচেই কাষতে সৃষ্টি হৈছে বৃহৎ জাবৰৰ দম।

Advertisment

মহামানৱ মহাত্মা গান্ধীৰ "স্বচ্ছ ভাৰত"ৰ সপোন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ "স্বচ্ছতা কি অ'ৰ এককদম" কাৰ্যসূচীক ভেঙুচালি কৰি চৰকাৰী কাৰ্যালয়তে এইদৰে সৃষ্টি কৰা হৈছে জাবৰ পেলোৱাৰ ডাম্পিং গ্ৰাউণ্ড। কাৰ্যালয় দুটাৰ পৰিসৰৰ ভিতৰত বৈধ কিম্বা অবৈধ ভাবে গঢ় লৈ উঠা দোকান-পোহাৰৰ গৰাকী-কৰ্মচাৰীৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছে।

জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশকো আওকাণ কৰে এই সকললোকে। জাবৰৰ দম সমূহৰ কাষতে আঁৰি দিয়া কেইবাখনো নিৰ্দেশনা ফলকক মুঠেই নামনা দেখিবলৈ পোৱা গৈছে। আনহাতে এই জাবৰ ভক্ষণ কৰে পশুধনে, যাৰ বাবে পশুধনৰ স্বাস্থ্য প্ৰতি ভাবুকি কঢ়িয়াই অনা দেখিবলৈ পোৱা যায়।

তথাপিও যেন এই জাবৰৰ দমবোৰ চকুত নপৰে জিলা প্ৰশাসনৰ নজৰৎ বিভাগৰ। প্ৰশ্ন হয়, চৰকাৰী কামক পিঠি দিছে নেকি একাংশ বিষয়া-কৰ্মচাৰীয়ে ?

Also Read: শিক্ষক সন্মিলনীৰ আন্দোলনৰ প্ৰতি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ সমৰ্থন...

GOVT OF ASSAM