খটখতি গ্ৰামীণ বিকাশ বেংকত প্ৰাপ্য ধন বিচাৰি শতাধিক মহিলা

খটখতি গ্ৰামীণ বিকাশ বেংকত প্ৰাপ্য ধন বিচাৰি শতাধিক মহিলা

author-image
Asomiya Pratidin
New Update
খটখতি গ্ৰামীণ বিকাশ বেংকত প্ৰাপ্য ধন বিচাৰি শতাধিক মহিলা

ডিজিটেল সংবাদ,বোকাজান : কিছুমাহ পূৰ্বে পিংকি দাস নামৰ এজেণ্ট এগৰাকী আৰু খটখতি অসম গ্ৰামীণ বেংকৰ কৰ্মচাৰীসকলে খটখতি অঞ্চলৰ বহু কেইটা আত্ম সহায়ক গোটৰ মহিলাসকলৰ পৰা বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে ধৃত এজেণ্টগৰাকীৰ লগতে বেংকৰ কৰ্মচাৰীকো আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল।

Advertisment

পৰৱৰ্তী সময়ত মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য ধন ঘূৰাই দিয়া হ'ব বুলি বেংক কৰ্তৃপক্ষই কথা দিছিল। কিন্তু আজি ৭মাহ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত মহিলাসকলে বেংকত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

ক্ষুব্ধ মহিলাসকলে শাখা প্ৰবন্ধকৰ জৰিয়তে ঊৰ্দ্ধতম বিষয়াক সকীয়নী দিয়ে যে,শীঘ্ৰে যদি তেওঁলোকে পাবলগীয়া ধন ঘূৰাই নিদিয়ে, তেন্তে বেলেগ ব্যৱস্থা হাতত ল'ব বুলি সদৰী কৰে।

Also Read: পিতৃৰ মুখাগ্নি কৰি নিশা পুনৰ মঞ্চত উঠিল অভিনেতা নিৰ্মল দত্ত

bank bokajan