কীটনাশকৰ প্ৰয়োগৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কামৰূপ জিলা কৃষি বিভাগৰ...

কীটনাশকৰ প্ৰয়োগৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কামৰূপ জিলা কৃষি বিভাগৰ...

author-image
Asomiya Pratidin
New Update
কীটনাশকৰ প্ৰয়োগৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কামৰূপ জিলা কৃষি বিভাগৰ...

কীটনাশকৰ প্ৰয়োগৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কামৰূপ জিলা কৃষি বিভাগৰ...

ডিজিটেল সংবাদ কামৰূপঃ নিৰক্ষৰতাৰ বাবেই হওঁক বা ব্যৱসায়িক লাভ অৰ্জনৰ স্বাৰ্থত বহুসংখ্যক কৃষকে শাক-পাচলিত মাত্ৰাধিক পৰিমাণে কীটনাশক দ্ৰৱ্য প্ৰয়োগ কৰা দেখা যায়। কীটনাশক প্ৰয়োগৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ অৰ্থে আজিৰে পৰা কামৰূপ জিলাৰ বিভিন্ন কৃষি চক্ৰত সজাগতা সভাৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ হৈছে।

Advertisment

সেই উদ্দেশ্যে আজি কামৰূপ জিলাৰ সোণতলি, হাজো, লোচ আৰু নকুল কৃষি চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত সজাগতা সভাৰ আয়োজন কৰি কৃষকসকলক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ দ্ৰৱ্যৰ প্ৰয়োগ সম্পৰ্কে বিস্তাৰিতভাৱে ব্যাখ্যা কৰা হয়। লগতে স্থানীয় কৃষি উন্নয়ণ বিষয়াৰ নেতৃত্বত একোটিকৈ দলে কৃষি চক্ৰকেইটাৰ অধীনস্থ ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱৰ খুচুৰা আৰু পাইকাৰী বিপণীসমূহ পৰিদৰ্শন কৰি বিক্ৰেতাসকলক নিষিদ্ধ কীটনাশক কোনো কাৰণতে বিক্ৰী নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়ে।

তদুপৰি কৃষি বিভাগৰ পৰামৰ্শ অনুসৰিহে কৃষকক ৰাসায়নিক কীটনাশক বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে। বিক্ৰেতাসকলে কীটনাশক দৰৱ বিক্ৰীৰ ক্ষেত্ৰত কৃষি বিভাগৰ নীতি-নিৰ্দেশনা সঠিকভাৱে পালন কৰিছে নে নাই সেই দিশসমূহো পৰ্যবেক্ষণ কৰে।

Also Read: আধাৰসত্ৰত ট্ৰেডিচনেল লাঠি স্প'ৰ্ট প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি...

কৃষি বিভাগ