মাজুলীৰ পৰা চৰাইদেউ লৈ উত্তৰ-দক্ষিণ পাৰত কামৰূপ ডায়েটৰ ৩৬ জনীয়া দল...

মাজুলীৰ পৰা চৰাইদেউ লৈ উত্তৰ-দক্ষিণ পাৰত কামৰূপ ডায়েটৰ ৩৬ জনীয়া দল...
মাজুলীৰ পৰা চৰাইদেউ লৈ উত্তৰ-দক্ষিণ পাৰত কামৰূপ ডায়েটৰ ৩৬ জনীয়া দল...

ডিজিটেল ডেস্কঃ কামৰূপ ডায়েটৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী, শিক্ষকৰ এটা ৩৬ জনীয়া দলে উত্তৰ পাৰেৰে মাজুলী পৰিদৰ্শন কৰি বগীবল দলঙেৰে পাৰ হৈ আজি চৰাইদেউত উপস্থিত হয়। ২৬ ডিচেম্বৰৰ বিয়লি মীৰ্জাৰ পৰা বাছেৰে ৰাওনা হোৱা দলটো তেজপুৰ, গহপুৰ, ঢকুৱাখনা হৈ কাহিলীপুৱাতে মাজুলীৰ গড়মূৰত উপস্থিত হয়।

মাজুলীৰ একাংশ শিক্ষক, সাংবাদিকৰ সহযোগত ৩ টা পৰ্যটন আৱাসত কিছু সময় জিৰণী লোৱাৰ পাছতে তেওঁলোক ৰাওনা হয় দক্ষিণপাট সত্ৰলৈ। দক্ষিণপাটৰ উপৰি কমলাবাৰী, আউনীআটি, চামগুৰি, গড়মূৰকে ধৰি বিভিন্ন সত্ৰত সাচী পতিয়া পুঁথিৰ পাঠ শুনাৰ উপৰি মুখা শিল্প আৰু অন্যান্য ঐতিহ্য দৰ্শন কৰে।

দক্ষিণপাট আৰু আউনীআটি সত্ৰৰ সত্ৰাধিকাৰে তেওঁলোকক মহাপুৰুষ দুজনাৰ সৃষ্টি আৰু কৃতীৰ বিভিন্ন দিশৰ অৱগত কৰে। ২৭ ডিচেম্বৰৰ সন্ধিয়ালৈকে সত্ৰনগৰী মাজুলীৰ বিভিন্ন সত্ৰ আৰু ঐতিহ্যপূৰ্ণ স্থান পৰিদৰ্শনৰ পাছত নিশাটো তেওঁলোকে মাজুলীতে কটায়।

২৮ ডিচেম্বৰৰ পুৱাই তেওঁলোকে বগীবিল দলঙেৰে দক্ষিণ পাৰলৈ আহি চৰাইদেউ মৈদামত উপস্থিত হয়। এই ঐতিহ্যক্ষেত্ৰ পৰিদৰ্শনৰ পিছত শিক্ষকসকল উপস্থিত হয় সোণাৰিস্থিত জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত উপস্থিত হয়। উক্ত প্ৰতিষ্ঠানৰ সভাকক্ষত ডায়েটৰ শিক্ষক, শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকসকলে কামৰূপ ডায়েটৰ দলটোক উষ্ম আদৰণি জনায়।

শিৱসাগৰ আৰু চৰাইদেউৰ ঐতিহ্য সন্দৰ্ভত বিভিন্নজনে তেওঁলোকক সদৰি কৰি বিভিন্ন উপহাৰেৰে আদৰণি জনোৱাৰ লগতে গীত-মাত পৰিৱেশনেৰেও আমোদ দিয়ে। তদুপৰি তেওঁলোকৰ মাজত বিভিন্ন বিষয়ৰ বাৰ্তালাপো হয়।চৰাইদেউৰ সোণাৰিতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত বিয়লি দলটো যোৰহাট, কাজিৰঙা হৈ কামৰূপ অভিমুখে ওভতে।  

এই ভ্ৰমণ কালত নদী দ্বীপ মাজুলীৰ ঐতিহ্য, সত্ৰিয়া সংস্কৃতিৰ লগতে জনজাতীয় কৃষ্টি, সংস্কৃতি সম্পৰ্কীয় অধ্যয়নৰ উপৰি আহোম ৰাজত্বৰ ৰাজধানী নগৰীৰ ঐতিহ্য আৰু আন বিষয়সমূহৰ বিষয়সমূহৰো জ্ঞানো লাভ কৰে। সমান্তৰালভাৱে বিভিন্ন স্থানত শিক্ষক আৰু অন্যান্য লোকসকলৰ সৈতে আত্মিক সম্পৰ্ক স্থাপনৰো সুযোগ লাভ কৰে।

মাজুলীৰ পৰা চৰাইদেউ লৈ উত্তৰ-দক্ষিণ পাৰত কামৰূপ ডায়েটৰ ৩৬ জনীয়া দল...
মহানগৰীত পুনৰ ফুটিল পাইপঃ তিনিজন আহত, তিনিখন বাহনৰ ক্ষতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in