কামৰূপ জিলাৰ কেইবাখনো থানা-আৰক্ষী চকীৰ ১২ আৰক্ষী বিষয়াক ৰদ-বদল...

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিংকু গোস্বামী সহ কামৰূপ জিলাৰ কেইবাখনো থানা আৰু আৰক্ষী চকীত কৰ্মৰত মুঠ ১২ গৰাকী আৰক্ষী বিষয়াক ৰদ-বদল কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ...

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলাৰ কেইবাখনো থানা-আৰক্ষী চকীৰ ১২ আৰক্ষী বিষয়াক ৰদ-বদল...

ডিজিটেল সংবাদ, দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিংকু গোস্বামী সহ জিলাখনৰ বিভিন্ন থানা আৰু আৰক্ষী চকীত কৰ্মৰত মুঠ ১২ গৰাকী আৰক্ষী বিষয়াক ৰদ-বদল কৰিছে জিলা আৰক্ষী অধীক্ষকে। কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে প্ৰদান কৰা নিৰ্দেশ মৰ্মে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক তিংকু গোস্বামীক জিলাখনৰ সোণতলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে স্থানান্তৰ কৰা হয়।

Advertisment

ইয়াৰ পৰিৱৰ্তে জিলাখনৰ হাজো আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক সুমিত মাহাতুক বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োগ কৰা হয়। ইয়াৰ উপৰিও টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক ননী গোপাল সৰকাৰক স্থানান্তৰ কৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰা হয়।

শেহতীয়াকৈ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা প্ৰেৰণ কৰা ডি অ' নম্বৰ-৬৮৪ আৰু মেম' নম্বৰ-কে এম পি/আৰ অ'/২০২৩/২৭৭৫-৮৪ মৰ্মে বাইহাটা চাৰিআলি আৰক্ষী থানা, হাজো আৰক্ষী থানা, সোণতলি আৰক্ষী চকী, টুপামাৰী আৰক্ষী চকী, উত্তৰ গুৱাহাটী আৰক্ষী থানা, উত্তৰ গুৱাহাটী আৰক্ষী চকী, কৈয়া আৰক্ষী থানাৰ উপৰিও কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আমিনগাঁও যানবাহন শাখাত কৰ্মৰত বিষয়াক ধৰি মুঠ ১২ গৰাকী আৰক্ষী বিষয়াক ৰদ-বদল কৰা হয়।

উল্লেখ্য যে, জনসেৱাৰ স্বাৰ্থত উক্ত নিৰ্দেশ পত্ৰ তাৎক্ষণিক ভাৱে কাৰ্যকৰী কৰাৰ বাবে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে নিৰ্দেশ পত্ৰত উল্লেখ কৰে।

Also Read: আজি আন্তৰ্জাতিক যোগ দিৱস; দেশৰ প্ৰান্তে প্ৰান্তে বিশেষ প্ৰস্তুতি...

Kamrup metro Administration Assam police