আজি আন্তৰ্জাতিক যোগ দিৱস; দেশৰ প্ৰান্তে প্ৰান্তে বিশেষ প্ৰস্তুতি...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত ২১ জুনৰ দিনটো বাৰ্ষিক যোগ দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিয়ে

author-image
Asomiya Pratidin
New Update
আজি আন্তৰ্জাতিক যোগ দিৱস; দেশৰ প্ৰান্তে প্ৰান্তে বিশেষ প্ৰস্তুতি...

ডিজিটেল ডেস্ক : আজি আন্তজাৰ্তিক যোগ দিৱস। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত ২১ জুনৰ দিনটো বাৰ্ষিক যোগ দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিয়াৰ পিছতে ২০১৫ চনৰ পৰা এই দিনটোক আন্তজাৰ্তিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।

Advertisment

২১ জুনৰ দিনটো উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘল দিন আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিশেষ গুৰুত্ব থকাৰ বাবেই এই পৰামৰ্শ দিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে। যোগ হৈছে এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন যি প্ৰাচীন ভাৰতত উদ্ভৱ হোৱাৰ তথ্য পোৱা যায়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যেই আৰম্ভ হৈছে যোগ দিৱসৰ উপলক্ষে যোগাসন।

Also Read: ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ছাত্ৰীৰ

International Yoga Day