কামৰূপ একাডেমী চৌহদত দুদিনীয়া সন্মিলনৰ বিশাল আয়োজন

কামৰূপ একাডেমী চৌহদত দুদিনীয়া সন্মিলনৰ বিশাল আয়োজন

author-image
Asomiya Pratidin
New Update
কামৰূপ একাডেমী চৌহদত দুদিনীয়া সন্মিলনৰ বিশাল আয়োজন

ডিজিটেল ডেস্কঃ  কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সন্মিলনৰ দ্বিতীয় সমাৰোহ ২০২৩। ১৪ আৰু ১৫ অক্টোবৰ তাৰিখে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদক পৰাগ বৰঠাকুৰ, বিৰাজ শৰ্মা, শ্যামল ভট্টাচাৰ্য, একাডেমীৰ অধ্যক্ষা কাবেৰী বৰা আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি, সম্পাদক ক্ৰমে বলেন্দ্ৰ ভৰালী আৰু প্ৰিন্স ফাইজুল হকে এই কাৰ্যসূচী সন্দৰ্ভত জানিবলৈ দিয়া মতে ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা প্ৰাক্তন ছাত্ৰৰ নাম পঞ্জীয়ন,৯ বজাত পতাকা উত্তোলনেৰে  দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব।

Advertisment

পতাকা উত্তোলন কৰিব বলেন্দ্ৰ ভৰালীয়ে। সেইদৰে ৯.১৫ বজাত স্মৃতি তৰ্পনৰ শুভাৰম্ভণি কৰিব ভৱৰঞ্জন শৰ্মাই। ইয়াত একাডেমীৰ উপাধ্যক্ষ পৰাগ বৰঠাকুৰেও অংশগ্ৰহণ কৰিব।  ৯.৩০ বজাত ছহীদ তৰ্পন আৰু বন্তি প্ৰজ্বলনৰ পাছত ৯.৪৫ বজাত সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব বিশিষ্ট অধিবক্তা দিলীপ চলিহাই। ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই।

১১.৩০ বজাত গুৰু বন্দনা কাৰ্যসূচীৰ পাছত ৩ বজাৰ পৰা আৰম্ভ হ’ব ‘বিদ্যালয়ত অধ্যয়নৰ পৰাই প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন’ শীৰ্ষত বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব দিগন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। এই প্ৰতিযোগীতাৰ বঁটা বিতৰণ হ’ব আবেলি ৪ বজাত। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান ।

আনহাতে ১৫ অক্টোবৰ দেওবাৰে পুৱা ৯ বজাত বৃহত সংখ্যক বিশিষ্টলোকে বৃক্ষ ৰোপন কৰিব। ১০ বজাত প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰিব মনিষা হাজৰিকাই। ১০.০৫ বজাত জয়ন্ত হাজৰিকালৈ বিশেষ শ্ৰদ্ধাঞ্জলি আগবঢ়াব শিল্পীগৰাকীৰ পুত্ৰ ময়ুষ হাজৰিকাই।

১০.৩০ বজাত সহপাঠীৰ মিলন অনুষ্ঠানৰ পাছতেই ১২ বজাত স্মৰণিকা ‘অশ্বত্থ’ উন্মোচন কৰিব বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে। সন্ধিয়া ৬ বজাত জয়ন্ত হাজৰিকা সোঁৱৰণি সন্ধিয়া উদ্বোধন কৰিব আফতাব হুচেইন,অৰূপ মিশ্ৰ, সুনীল ডেকা আৰু ৰাজ শৰ্মাই।

দুদিনীয়া এই সন্মিলনৰ সমূহ কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণ কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

Also Read: মুখ্যমন্ত্ৰীৰ ঘোষণাঃ অষ্টম শ্ৰেণীৰ ছাত্ৰক চাইকেল, শিক্ষক-শিক্ষয়িত্ৰীক স্কুটি দিব চৰকাৰে