মুখ্যমন্ত্ৰীৰ ঘোষণাঃ অষ্টম শ্ৰেণীৰ ছাত্ৰক চাইকেল, শিক্ষক-শিক্ষয়িত্ৰীক স্কুটি দিব চৰকাৰে

শুকুৰবাৰে তেজপুৰ কলেজিয়েট ফিল্ডত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাইকেল বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
৫০ কোটি লোকচানত বিক্ৰী হ'ব কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ

himanta

ডিজিটেল ডেস্কঃ শুকুৰবাৰে তেজপুৰ কলেজিয়েট ফিল্ডত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাইকেল বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

Advertisment

অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, পুনৰ ১৯ হাজাৰ শিক্ষকক দিয়া হ’ব টেবলেট। আনহাতে দূৰণীবতীয়া শিক্ষক-শিক্ষয়িত্রীকো দিয়া হ’ব স্কুটী। প্রায় ৫০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক দিয়া হ’ব স্কুটী।

বিদ্যালয়ত ছাত্রৰ উপস্থিতিৰ সংখ্যা কমিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কয় যে, অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্র-ছাত্রীকো দিয়া হ’ব চাইকেল।

এইবছৰ আৰু ১০ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। ১০ বছৰৰ পিছতহে শিক্ষক-শিক্ষয়িত্রীৰ বদলিৰ ব্যৱস্থা থাকিব।

বিদ্যালয় একত্রীকৰণ ব্যৱস্থাই শিক্ষা ব্যৱস্থা উন্নত কৰা হ'ব।প্রতি এক কিলোমিটাৰ দূৰত্বত একোখন ডাঙৰ বিদ্যালয় থাকিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Also Read: পেলেষ্টাইনক সমৰ্থন কৰি পোষ্ট! আটক এজন যুৱক

himanta biswa sarma