আন্তঃৰাজ্যিক অনলাইন তীৰ খেল চক্ৰৰ কবলত বৰহোলা..

তীৰ খেলৰ অনলাইন বুকিং প্ৰতাৰণা বন্ধ কৰিবলৈ আৰক্ষীক আহ্বান ৰাইজৰ
আন্তঃৰাজ্যিক অনলাইন তীৰ খেল চক্ৰৰ কবলত বৰহোলা..

ডিজিটেল সংবাদ,বেকাজানঃ চৰকাৰে ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ৰঙা ঘৰৰ বাট দেখুৱালেও প্ৰশাসনৰ জ্ঞাতসাৰে এতিয়া চুবুৰীয়া নাগালেণ্ডৰ এটা আন্তঃৰাজ্যিক অনলাইন তীৰ খেল চক্ৰৰ কবলত পৰি তিতাবৰ বৰহোলা আৰু মেৰাপানীৰ হাজাৰ হাজাৰ যুৱক সৰ্বস্বান্ত হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে।নাগালেণ্ডৰ মোককচাং আৰু ভাণ্ডাৰীৰ পৰা পৰিচালনা কৰা শ্বিলঙৰ তীৰ বুলি ভুৱা পৰিচয় দি এই অনলাইন তীৰ খেলৰ চক্ৰটোৱে সৰ্বসাধাৰণ ৰাইজৰ পৰা দৈনিক লাখ লাখ টকাৰ লুণ্ঠন চলাই আছে।

প্ৰাপ্ত তথ্য মতে নাগালেণ্ডৰ মোককচাং আৰু ৱাখা জিলাৰ ভণ্ডাৰী অনলাইন তীৰ খেলৰ প্ৰতাৰক চক্ৰটোৱে প্ৰথমে ফেচবুকৰ জৰিয়তে সুন্দৰী যুৱতীৰ ফ'টো দি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় প্ৰবঞ্চনাৰ জাল পেলায়।ধুনীয়া যুৱতীৰ বন্ধুত্ব গ্ৰহণ কৰাৰ পিছতে এজন যুৱকে 84158077103 নম্বৰৰ ৱাটছ আপ জৰিয়তে যোগাযোগ কৰি তীৰ খেলৰ বৃহৎ ধনৰাশিৰ টোপ দিয়ে। সহজে বৃহৎ ধনৰ লোভত পৰি প্ৰবঞ্চক চক্ৰটোৰ জালত ভৰি দিয়াৰ পাছতে ব্লেকমেইলিঙৰ আৰম্ভ হয়।

উল্লেখযোগ্য যে তিতাবৰৰ বৰহোলা শিলডুবিত আৰু মেৰাপানীৰ ফুটহিলচত চক্ৰটোৰ অনলাইন তীৰ খেলৰ শতাধিক এজেণ্ট আছে। প্ৰতাৰক চক্ৰটোৱে প্ৰথমে গ্ৰাহকক ৫০০ টকা বুকিং কৰিলে ৪০ হাজাৰ আৰু এহেজাৰ টকা বুকিঙত ৮০ হাজাৰ টকা গ্ৰাহকে পাব বুলি লোভ দিয়ে। ইয়াৰ পাছতে 9862342434 নম্বৰ পৰা এজন তীৰ খেলৰ প্ৰবঞ্চকে 7308336173 নম্বৰত মাত্ৰ ৫০০ টকা জমা কৰিবলৈ কয়। কোনো ব্যক্তিয়ে ৫০০টকা জমা কৰাৰ পিছত টকা পাবলৈ আকৌ এইবাৰ পুনৰ হিট কৰিবলৈ ৫৫০০ টকা জমা দিবলৈ কয় নহ'লে ধন লাভ নকৰে বুলি জনায়।

অৱশেষত বুকিঙৰ ৫ হাজাৰ টকা হেৰুৱাৰ ভয়ত আৰু এই বৃহৎ ধনৰাশিৰ লোভত পৰি 7308336173 নম্বৰত গুগল পে কৰি পুনৰ বুকিং কৰাৰ পিছতে প্ৰতাৰণাৰ খেল আৰম্ভ হয়। এই চক্ৰটোৰ কবলত পৰাৰ পিছত নিজৰ ধন উভতাই পাব বিচাৰিলে জুৱা চক্ৰটোৰ ব্লেক মেইলিঙৰ চিকাৰ হয় গ্ৰাহকসকল। প্ৰাপ্ত তথ্য মতে এই অনলাইন তীৰ খেলৰ বুকিঙৰ ধন 92332020133 মোবাইল নম্বৰৰ গৰাকী বিকি চাৱহান নামৰ লোকজনৰ একাউণ্ট জমা হয়।

ইয়াৰ পিছত শেষত তীৰখেলা লোকজন সৰ্বস্বান্ত হবলগা হয়। সীমান্তবাসী ৰাইজৰ অভিযোগ মতে মেৰাপানী ফুটহিলচত সৰু সৰু দোকানত পুৱাৰ পৰা গধূলিলৈ একাংশ দিকভ্ৰষ্ট যুৱক- যুৱতী আৰু ব্যৱসায়ীয়ে হাতত কলম কাগজলৈ অনলাইন তীৰ খেলৰ নম্বৰ হিট কৰাৰ আশাত ৰৈ থকা‌ দৃশ্য এতিয়া সুলভ। উল্লেখযোগ্য যে তীৰখেলৰ পৰা সহজে ধন লাভ কৰাৰ আশাত এতিয়া অসম-নাগালেণ্ড সীমান্তৰ হাজাৰ হাজাৰ যুৱক নিজৰ ব্যৱসায়, কাম বন এৰি পুৱাৰ পৰা গধূলিলৈ তীৰখেলত খাপ পিটি থাকে। এই অনলাইন তীৰ খেল এতিয়া বৰহোলা আৰু মেৰাপানীৰ বিয়পি পৰাত অসমৰ কৰ্ম সংস্কৃতি ধবংস কৰি পেলাইছে।

এই ক্ষেত্ৰত অসম আৰু নাগালেণ্ড আৰক্ষীৰ লগতে আছাম ৰাইফলছৰ ভূমিকা অতি দুৰ্বল। কাৰণ মেৰাপানীত আছাম ৰাইফলছৰ আন্তঃৰাজ্যিক চেকগেটৰ মাত্ৰ দহ মিটাৰ নিলগত এনে অসংখ্য তীৰখেলৰ কাউণ্টাৰ মুকলিভাৱে গঢ়ি উঠিছে। এই ক্ষেত্ৰত নাগালেণ্ড পুলিচ আৰু আছাম ৰাইফলছে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অনলাইন তীৰ চক্ৰটোৰ বলি হোৱা একাংশ লোকে প্ৰকাশ কৰা মতে শ্বিলঙৰ আৰু নাগালেণ্ডৰ পৰা নিয়ন্ত্ৰিত হোৱা অচিৰেই প্ৰশাসনে বন্ধ নকৰিলে যুৱ প্ৰজন্ম ধবংস হৈ যাব সেয়া একপ্ৰকাৰ নিশ্চিত। অসম-নাগালেণ্ড সীমান্তৰ বৰহোলা শিলডুবি আৰু মেৰাপানী ফুটহিলচত গঢ়ি উঠা শ্বিলঙৰ এই অনলাইন তীৰ খেল চক্ৰটো গ্ৰেপ্তাৰ কৰি উৎখাত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাইজে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in