মহাপুৰুষ মাধৱদেৱৰ নামত থকা পথৰ ফলকত ৰং সানিলে দুস্কৃতিকাৰীয়ে

কামপুৰ পৌৰ সভাৰ ২নং ৱাৰ্ডত মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাংকৰণ কৰা পথৰ ফলকত ৰং সানি দিয়া কাৰ্যক গৰিহনা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
মহাপুৰুষ মাধৱদেৱৰ  নামত থকা পথৰ ফলকত ৰং সানিলে দুস্কৃতিকাৰীয়ে

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ পৌৰ সভাৰ ২নং ৱাৰ্ডত মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাংকৰণ কৰা পথৰ ফলকত ৰং সানি দিয়া কাৰ্যক গৰিহনা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰাই এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Advertisment

উল্লেখ্য যে কামপুৰ পৌৰ সভাৰ অন্তৰ্গত দুই ৱাৰ্ডৰ কামপুৰ এন ই চি অফিচলৈ যোৱা পথটো পকীকৰণ কৰি পৌৰসভাই মহাপুৰুষ মাধৱদেৱৰ নামত নামাঙ্কিত কৰি ৰাইজৰ বাবে মুকলি কৰিছিল।

কিন্তু কোনো দুস্কৃতিকাৰীয়ে পথটোৰ নামাফকৰ পৰা মহাপুৰুষ জনৰ নামত ৰং সানি মচি দিয়ে।দুস্কৃতিকাৰী সকলৰ এই কাৰ্যক গৰিহনা দিয়ে আৰু ইয়াৰ বিৰুদ্ধে আইন তথা প্ৰশাসনক তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায়।

Also Read: IIT খড়পুৰত ফাইজানৰ ৰহস্যজনক মৃত্যু, অভিযুক্তক কৰা হ'ব নাৰ্কো টেষ্ট