IIT খড়পুৰত ফাইজানৰ ৰহস্যজনক মৃত্যু, অভিযুক্তক কৰা হ'ব নাৰ্কো টেষ্ট

IIT খড়পুৰত ফাইজানৰ ৰহস্যজনক মৃত্যু, অভিযুক্তক কৰা হ'ব নাৰ্কো টেষ্ট

ডিজিটেল ডেস্কঃ ন্যায় পোৱাৰ দিশে ফাইজান আহমেদ। আই আই টি খড়গপুৰৰ হোষ্টেলত ৰহস্যজনক মৃত্যু হোৱা অসম সন্তান ফাইজান আহমেদৰ মৃত্যু তদন্তই লৈছে নতুন মোৰ। ফাইজানৰ মৃত্যুৰ ঘটনা তদন্ত কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ে গঠন কৰিছে এখন বিশেষ কমিটী।

ফাইজান আহমেদৰ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত পোহৰলৈ আহিছিল ভয়ংকৰ তথ্য। দ্বিতীয়বাৰ প্ৰকাশ পোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ফাইজানৰ দেহত আঘাতৰ চিন আছিল যাৰ বাবে তেওঁক হত্যা কৰাৰ আশংকা অধিক আছিল।

ইয়াৰ পাছতে কলকাতা উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰি কয় যে, এছ আই টিয়ে সন্দেহযুক্ত লোকৰ নাৰ্কো টেষ্ট কৰিব পাৰিব। সকলো অভিযুক্তৰ নাৰ্ক’ টেষ্টৰ অনুমতি প্ৰদান কৰে ন্যায়ালয়ে।

উল্লেখ্য যে, বিগত বছৰৰ ১৪ অক্টোবৰত আই আই টি খড়গপুৰ হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু আই আই টি কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত লোৱা নাছিল।

ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত মৃত্যুক আঁকোৱালি লৈছিল অসম সন্তান ফাইজান আহমেদে। ফাইজানৰ মৃত্যুত সৃষ্টি হৈছিল ৰহস্যৰ। ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি গ্ৰহণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে।

IIT খড়পুৰত ফাইজানৰ ৰহস্যজনক মৃত্যু, অভিযুক্তক কৰা হ'ব নাৰ্কো টেষ্ট
মানি লৈছে বহুতে; 'শনি' লাগিছে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in