/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cd61f3b2-ba6c-4e82-9b82-02f56c7d7913/ddd.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম অৰুণাচল সীমান্তৱৰ্তী চিজুছাত মহিলা সহ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি অৰুনাচলৰ চিজুচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাদী পায়েংৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে নিটি ডাৰলং বস্তিত অভিযান চলাই জুমীৰ গেংকাক (22)ৰ ঘৰত এটা চাবোন বাকচ ভৰ্তি ড্ৰাগছ আৰু পয়ত্ৰিশ টা খালী কণ্টেইনাৰ জব্দ কৰে।
আৰক্ষী থানাত জুমিৰ গেংকাক জেৰা কৰাৰ অন্তত পোৱা তথ্যৰ ভিত্তিত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত খনামুখৰ আফজল হুছেইন (23) নামৰ আন এজন ড্ৰাগছ সৰবৰাহ কাৰীক হাতে লোটে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে মঙলবাৰে পুৱা আফজলে এ,এছ 12- Z-1327 নম্বৰৰ হিৰো গ্লেমাৰ বাইকেৰে জুমিৰক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল যদিও আৰক্ষীয়ে পূৰ্বৰে পৰা আফজলক হাতে লোটে আটক কৰিবলৈ খাপপিটি আছিল।
আৰক্ষীয়ে জানিব দিয়া মতে, জুমিৰ গেংকাকৰ পৰা 15.42গ্ৰাম আৰু আফজল হুছেইনৰ পৰা 12.37 গ্ৰাম মুঠ 27.79 গ্ৰাম সন্দেহ যুক্ত হিৰোইন জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমান আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি দুয়োকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । প্ৰণিধানযোগ্য যে জুমিৰ গেংকাক চিজুচা স্হিত (আই, আৰ, বি,এন)ৰ কনিষ্টবল হৰি চৰণ বড়োৰ পত্নী ।
ক্লিক কৰি পঢ়কঃ নিমখৰ বাদে একো নিকিনা অসমীয়াৰ আজি ফ্ৰী চাউলেৰে পেট ভৰে!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us