কামপুৰ ৰাস পথাৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন...

ৰাজ্যৰ সকলো প্ৰান্ততে উদযাপন কৰিছে বাপতিসাহোন ৰঙালী বিহুটি। সমান্তৰালকৈ কামপুৰতো দেখা গ'ল হেঁপাহৰ ৰঙালী বিহুটিক লৈ ব্যাপক উছাহ।
কামপুৰ ৰাস পথাৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন...

ডিজিটেল সংবাদ, কামপুৰ : সমগ্ৰ ৰাজ্যতে এতিয়া ৰঙালী বিহুৰ আনন্দ উছাহ। ৰাজ্যৰ সকলো প্ৰান্ততে উদযাপন কৰিছে বাপতিসাহোন ৰঙালী বিহুটি। সমান্তৰালকৈ কামপুৰতো দেখা গ'ল হেঁপাহৰ ৰঙালী বিহুটিক লৈ ব্যাপক উছাহ।

জীয়ৰী-বোৱাৰীয়ে ঢোলৰ চেৱে চেৱে কঁকাল ভাঙি নাচিলে কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত। পহিলা ব'হাগৰ দিনা ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ বিহু পতাকা উত্তোলন কৰে চন্দ্ৰ বৰাই।

উল্লেখ্য যে অহা ৮ আৰু ৯ বহাগত কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কামপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

কামপুৰ ৰাস পথাৰত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন...
অসমীয়া নৱবৰ্ষ : আৰ্শীষ বিচাৰি মন্দিৰে-নামঘৰে ভক্তৰ ভিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in