দশম বাৰ্ষিক প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান

দশম বাৰ্ষিক প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰ সমাজ-জীৱনৰ সংস্কৃতি, উদ্যোগ ক্ষেত্ৰত অৰিহণা আগবঢ়াই সমৃদ্ধ কৰা কামিনী মহন্তৰ সোঁৱৰণত বিগত ৯ টা বছৰৰ পৰম্পৰা ৰক্ষা কৰি প্ৰদান কৰি অহা হৈছে প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা। কলিয়াবৰৰ বিশিষ্ট উদ‍্যোগী, সমাজসেৱক তথা অঙ্কীয়া ভাওনাৰ সুদক্ষ অভিনেতা গৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সোমবাৰে দশম সংখ্যক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

কুঁৱৰীটোলত অৱস্থিত কামিনী মহন্ত স্মৃতি উদ্যানত অনুষ্ঠিত হোৱা এই সভাত যোৱা বৰ্ষসমূহত প্ৰয়াত কামিনী মহন্ত স্মাৰক বক্তৃতাৰো আয়োজন কৰি আহিছে প্ৰয়াত কামিনী মহন্ত স্মৃতিৰক্ষা সমিতয়ে। সমিতিৰ সভাপতি ৰেৱ শৰ্মাই সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত স্মাৰক বক্তৃতা প্ৰদান কৰে কলিয়াবৰ উচ্চতৰ বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট নাট্যকৰ্মী মহেন্দ্ৰ কাকতিয়ে।

বক্তৃতা প্ৰসঙ্গত ব্যৱসায়ী ৰূপে এগৰাকী সফল ব্যক্তি ৰূপে পৰিচিত প্ৰয়াত মহন্তৰ ব্যৱসায়ীক, সামাজিক আৰু ব্যক্তিগত জীৱনৰ বহু জনা-নজনা বিষয়ত আলোকপাত কৰে বক্তা কাকতিয়ে। এই বছৰ (২০২৪ বৰ্ষ) ৭৫ বছৰ গৰকা ৭৯১ নম্বৰ কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়লৈ কামিনী মহন্ত সোঁৱৰণী বঁটা আবঢ়োৱা হয়।

কামিনী মহন্ত সোঁৱৰণী বঁটাত স্মাৰক, অংগবস্ত্ৰৰ লগতে নগদ এক লাখ টকা আগবঢ়োৱা হয়। তদুপৰি, সমাজ আৰু সাংস্কৃতিক ক্ষেত্ৰখনত উল্লেখনীয় অৱদান আগবঢ়োৱা দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে লক্ষী ভূঞা আৰু সৎৰাম বৰাক সম্বৰ্দ্ধনা জনোৱা হয়।

সাধাৰণতে বয়োজ্যেষ্ঠসকলক সম্বৰ্দ্ধনা জনোৱাৰ সময়ত গ্ৰন্থ, ছাতি, লাখুটিৰ পৰিৱৰ্তে সম্বৰ্দ্ধনা পত্ৰ, শৰাইৰ সৈতে এটি পুষ্টিবৰ্দ্ধক খাদ্যৰ টোপোলা উপহাৰ স্বৰূপে আগবঢ়োৱা হয়। উল্লেখযোগ্য যে, বিগত ২০১৫ বৰ্ষত শিল্পী ৰত্নেশ্বৰ ভূঞা, ২০১৬ বৰ্ষত শিক্ষাবিদ বলোভদ্ৰ শৰ্মা, ২০১৭ বৰ্ষত কৃষক নাৰায়ণ শৰ্মা, ২০১৮ বৰ্ষত নাৰী সৱলীকৰণৰ বাবে পশ্চিম কলিয়াবৰ মহিলা উন্নয়ন সমিতি, ২০১৯ বৰ্ষত বিজ্ঞান শিক্ষা প্ৰসাৰৰ বাবে আমবাগান বিজ্ঞান সমিতি, ২০২০ বৰ্ষত শিল্পী কেশৱ পাঁচনি, ২০২১ বৰ্ষত ক্ৰীড়া আৰু সংস্কৃতি প্ৰসাৰৰ বাবে শান্তিপুৰৰ তৰঙ্গ যুৱ গোষ্ঠী, ২০২২ বৰ্ষত শিক্ষাৰ প্ৰসাৰৰ বাবে শিলঘাটৰ কণ্যাকাশ্ৰম কনিন্ঠ মহাবিদ্যালয়ক, ২০২৩ বৰ্ষত পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক প্ৰদান কৰা হৈছিল এই বঁটা।

কলিয়াবৰৰ গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত আজিৰ সভাৰ বঁটা প্ৰদান অনুষ্ঠান আৰু সম্বৰ্দ্ধনা অনুষ্ঠাৰ আঁত ধৰে স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ভূপেন্দ্ৰনাথ হাজৰিকাই। উদীয়মান গায়ক অনিমেষ শইকীয়াই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভণি ঘটা মূল অনুষ্ঠানৰ পূৰ্বে প্ৰয়াত কামিনী মহন্তৰ পূৰ্ণাঙ্গ মূৰ্তিস্থলত বন্তি প্ৰজ্বলন কৰে বৰ্ষীয়ান শিল্পী-ব্যৱসায়ী ভূমি ডেকাই।

দশম বাৰ্ষিক প্ৰয়াত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান
যুৱক-যুৱতী ঘূণীয়া কৰি দিপাংক এতিয়া 'বৰ নেতা' হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in