আৰ্থিক সাহাৰ্য বিচাৰি KLOৰ প্ৰেছ বিবৃতি...

প্ৰেছ বিবৃতি যোগে আৰ্থিক সাহাৰ্য বিচাৰিছে কমতাপুৰ মুক্তি সংগঠনে

author-image
Asomiya Pratidin
New Update
আৰ্থিক সাহাৰ্য বিচাৰি KLOৰ প্ৰেছ বিবৃতি...

ডিজিটেল সংবাদ, ওদালগুৰি: আৰ্থিক সাহাৰ্য বিচাৰিছে কমতাপুৰ মুক্তি সংগঠনে। সংগঠনটোৱে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে প্ৰতিজনৰ পৰাই সাহাৰ্য বিচাৰিছে।

Advertisment

এক প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰে সংগঠনটোৱে। সংগঠনটোৱে লগতে কয় যে, বৃহত্তৰ জাতিটোৰ স্বাৰ্থৰ ক্ষেত্ৰত শসস্ত্ৰ সংগ্ৰামখন আগুৱাই নিবলৈ ইতিমধ্যেই বহুতেই সাহাৰ্য আগবঢ়াইছে।

বিবৃতিত লগতে উল্লেখ কৰে যে, সাহাৰ্য বিচৰা কাৰ্যসূচীক একাংশই আইনী প্ৰত্যাহ্বান জনাইছে। যি কাৰ্যক সংগঠনটোৱে সহ্য নকৰাৰ কথা ব্যক্ত কৰে।

আনহাতে, ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা থানাৰ ইকৰাবাৰী গাঁৱৰ টনো দাসৰ ঘৰত সংঘটিত কাৰ্যক অনাকাংক্ষিত আৰু ব্যক্তিজন নিজেই দায়ী বুলিও উল্লেখ কৰে।

Also Read: ভগ্নীস্নেহ! ৰাহুল গান্ধীৰ পদ খাৰিজত উভতি ধৰিছে প্ৰিয়ংকা গান্ধীয়ে...

kamatapur liberation organisation