আজমলৰ অশালীন বক্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ...

মৌলানা বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে গৰিহণা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন উপ-সভাপতি কমলাকান্ত মুছাহাৰীৰ
kamalakanta mushahari
kamalakanta mushahari

ডিজিটেল ডেস্ক : শিলচৰত অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৰা অশালীন বক্তব্য আৰু হিন্দু বিবাহ সম্পৰ্কে কৰা নিৰ্ল্লজ্য আৰু অশালীনতাৰ সীমা চেৰাই যোৱা বক্তব্যক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা প্ৰাক্তন উপ-সভাপতি কমলাকান্ত মুছাহাৰীয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু গৰিহণা দিছে।

তেওঁ মন্তব্য কৰি কয় যে মৌলানাৰ দৰে ইছলাম ধৰ্মীয় উচ্চ আসনত উপবিষ্ট, ভাৰতীয় সংবিধানৰ নামত শপত গ্ৰহণ কৰি ধুবুৰী সমষ্টিৰ সাংসদ পদত অধিষ্ঠিত হোৱা আৰু এ আই ইউ ডি এফৰ দৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ পঞ্জীয়নভূক্ত দলৰ সভাপতি পদত থাকিও অসমৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু হিন্দুসকলৰ বিবাহ সম্পৰ্কে অশালীনতাৰ সীমা চেৰাই যোৱা বক্তব্য ৰখাৰ পিছত তেওঁ কোনো ধৰণৰ সাংবিধানিক, সামাজিক আৰু ৰাজহুৱা জীৱনত থকাৰ নৈতিক অধিকাৰ নাই।

যিজন ইছলাম ধৰ্মীয় মৌলানা, ভাৰতীয় সংবিধানৰ শপত লোৱা এজন সাংসদ , ভাৰতীয় নিৰ্বাচনী আয়োগৰ স্বীকৃতি পোৱা ৰাজনৈতিক দলৰ সভাপতি হৈও অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৪/৫ জনী ছোৱালীক পলুৱাই নি লাভ জেহাদ কৰিবলৈ এক নিৰ্ল্লজ্য বক্তব্য দিয়াটো অক্ষমনীয় অপৰাধ। তেওঁৰ এই অশালীনতাৰ চৰম সীমা চেৰাই যোৱা বক্তব্যৰ মাজেৰে মৌলানা বদৰুদ্দিন আজমলে ভাৰতীয় সংবিধানক অৱনমিত কৰিছে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনখন চৰম ভাবে অপমানিত কৰিছে, ভাৰতৰ পৰম্পৰাগত হিন্দু ধৰ্মীয় ৰীতি - নীতি , হিন্দু সমাজক চৰম অপমানিত কৰিছে আৰু মৌলানা বদৰুদ্দিন আজমলে নিজকে মানসিক ভাবে বিকৃত লোক হিচাপে পৰিচয় দিলে বুলিও তেওঁ উল্লেখ কৰে।

এইজন মৌলানা বদৰুদ্দিন আজমলে অতি সোনকালেই সকলোবোৰ সাংবিধানিক, সামাজিক, ধৰ্মীয় আৰু ৰাজহুৱা জীৱনৰ পৰা অব্যাহতি লোৱা দৰকাৰ বুলি উল্লেখ কৰি লগতে মুছাহাৰীয়ে পুনৰ মন্তব্য কৰে - তেখেতৰ নিচিনা লোক সাংবিধানিক, সামাজিক, ধৰ্মীয় আৰু ৰাজহুৱা জীৱনৰ পদত থাকিলে দেশ, সমাজ, ধৰ্মীয় অনুষ্ঠান সকলো ধ্বংস কৰি পেলাব। গতিকে বৰ্তমান জনপ্ৰিয় আৰু গতিশীল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কলিতে মৌলানা বদৰুদ্দিন আজমলৰ দৰে বিকৃত মানসিকতাৰ লোকক নিয়ন্ত্ৰণ কৰাৰ বাবে সাংবিধানিক আৰু আইনী ব্যৱস্থা নলয় অসম আৰু অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ আৰু কুলষিত কৰিব।

যোৱা ২০০৮ চনত মৌলানা বদৰুদ্দিন আজমল হতৰ দৰে কিছুমান ৰাজনৈতিক নেতা, এচাম মৌলবাদী সমৰ্থক সকলেই বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অদালগুৰি জিলাত বড়োসকল আৰু খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ চলাইছিল।

ঘৰ-বাৰী, সা-সম্পত্তি জ্বলাই দিছিল আৰু পাকিস্তানৰ পতাকা পৰ্যন্ত উৰোৱালৈ সাহস পাইছিল। তেতিয়া কিন্তু তেতিয়াৰ অসম চৰকাৰৰ এচাম মন্ত্ৰী - বিধায়ক সকলে বড়োসকলকহে ওলোটাই দোষাৰোপ জাপি দিব বিচাৰিছিল আৰু বড়োসকলক নৃগোষ্ঠীয় চাফাই অভিযান আৰম্ভ কৰা বুলি অভিযোগ কৰিছিল।

ঠিক তেনেদৰেই ২০১২ চনতো বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত বড়োসকলক আক্ৰমণ কৰি হত্যা কৰা হৈছিল। হাজাৰ হাজাৰ বড়োসকলৰ ঘৰ-বাৰী আৰু সা - সম্পত্তি জ্বলাই দিয়া হৈছিল। তেতিয়াও শাসনত থকা এচাম মন্ত্ৰী - বিধায়ক আৰু অসমৰ বুদ্ধিজীৱী সকলে বড়োসকলকহে অপবাদ জাপি দিব বিচাৰিছিল।

এই পৰিস্থিতি যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে বৰ্তমানৰ জনপ্ৰিয় অসম চৰকাৰে উচিত কঠোৰ সাংবিধানিক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু প্ৰাক্তন উপ-সভাপতি শ্ৰী কমলাকান্ত মুছাহাৰীয়ে দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in