শ্ৰমিকক পৰিচালকৰ প্ৰহাৰ! কলিয়াবৰৰ শালনা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

শ্ৰমিকক পৰিচালকৰ প্ৰহাৰ! কলিয়াবৰৰ শালনা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
শ্ৰমিকক পৰিচালকৰ প্ৰহাৰ! কলিয়াবৰৰ শালনা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ শালনা চাহ বাগিচাত বৃহস্পতিবাৰে পুৱাৰে পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাগিচাৰ কলঘৰৰ পৰিচালকে এজন শ্ৰমিকক বিনা কাৰণত শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে কৰাৰ লগতে দুৰ্ব্যৱহাৰৰ অভিযোগ তুলি পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কলঘৰৰ শ্ৰমিকসকলে।

Advertisment

উল্লেখ্য যে, বুধবাৰে কলঘৰত কৰ্মৰত অৱস্থাতে তুলসী নায়ক নামৰ শ্ৰমিকজনক কলঘৰৰ পৰিচালক শুভম পাৰ্মেই সামান্য কথাতে খৰ্গহস্ত হৈ প্ৰহাৰ কৰিছিল। শ্ৰমিকক প্ৰহাৰ কৰা কলঘৰ পৰিচালক গৰাকীক আটক কৰাৰ দাবীত শ্ৰমিকসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

শ্ৰমিক সকলে পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহন কৰি সংশ্লিষ্ট পৰিচালক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবীত 'আমাক উচিত বিচাৰ লাগে','শ্ৰমিকৰ ওপৰত শোষন নীতি বন্ধ কৰক','দাদাগিৰি নচলিব',চাহ শ্ৰমিক জিন্দাবাদ আদি শ্ল’গানৰে আকাশ-বতাহ উত্তাল কৰি তোলে। পিছত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কলঘৰৰ পৰিচালক শুভম পাৰ্মাৰক আটক কৰাৰ পিছত পৰিস্থিতি শাম কাটে।

Also Read: তৰুণ গগৈৰ পুত্ৰ বুলি মানুহে গৌৰৱক মৰম কৰে, কিন্তু ভোট নিদিয়ে: দিগন্ত কলিতা