কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱস আৰু যোগেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন, তিনি খন গ্ৰন্থ উন্মোচন

কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱস আৰু যোগেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন, তিনি খন গ্ৰন্থ উন্মোচন

author-image
asomiyapratidin
New Update
কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱস আৰু যোগেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন, তিনি খন গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান কলিয়াবৰ সাহিত্য কাননৰ ৩৩ তম প্ৰতিষ্ঠা দিৱসটি সোমবাৰে হাটবৰস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তা সকলে কলিয়াবৰৰ ইতিহাস ৰচনাৰ পথ প্ৰদৰ্শক তথা সাহিত্যক প্ৰয়াত যোগেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠানো অনুষ্ঠিত কৰে।

Advertisment

কাননৰ সভাপতি বিপুল চন্দ্ৰ ভট্টাচাৰ্যই সভাপতিত্ব কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত "ইতিহাসৰ আলোকত কলিয়াবৰ" শীৰ্ষক বক্তৃতা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা বিশিষ্ট লেখক সাহিত্যিক প্ৰত্নতত্ববিদ কনক চন্দ্ৰ শৰ্মাই। স্মাৰক বক্তৃতা প্ৰদান কৰি প্ৰত্নতত্ববিদ কনক চন্দ্ৰ শৰ্মাই কয় কলিয়াবৰ, ডবকা, নগাঁৱত ইতিপূৰ্বে অধিক তাম্ৰপত্ৰ উদ্ধাৰ হোৱালৈ চাই এই সমূহ তাম্ৰপত্ৰৰ গৱেষণাৰ অতি প্ৰয়োজন আছে বুলি তেওঁ দাবী কৰে। কলিয়াবৰৰ ইতিহাসত সামৰিক গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে ।

অনুষ্ঠানত তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। বিপুল ভট্টাচাৰ্যই ৰচনা কৰা "কৃষ্ণ বট গ্ৰাম" দ্বিতীয় ভাগ উন্মোচন কৰি উন্মোচক বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ ভট্টাচাৰ্যই তেওঁৰ ভাষনত কয় "গ্ৰন্থ এখন প্ৰকাশ হোৱা মানে বুজিব লাগিব জ্ঞানৰ এটা খোজ"। "ধৰ্ম" গ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই । ভাষনত তেওঁ কয় যোগেশ্বৰ বৰাই লিখা শিলঘাট নামৰ সৰু বুৰঞ্জী খনত ইতিহাসৰ ভৰালটো সোমাই আছে বুলি কয় । শিশু সাহিত্যিক নিৰুপমা বৰুৱাই ৰচনা কৰা " মইনাহঁতলৈ লঘু আহাৰ," শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট লেখক সমালোচক ভূপেন শৰ্মাই।

কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সলিল কুমাৰ মিত্ৰ, বিদ্যালয় খনৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজৰিকা, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকা, সম্পাদক বিৰাজ ভূষন বৰা, বেদানন্দ ভাগৱতী, টংকেশ্বৰ শইকীয়া, প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ হাজৰিকা, শিল্পী ৰামেশ্বৰ হাজৰিকা, মৃণাল কুমাৰ হাজৰিকা, সুৱৰ্ণলতা মহন্তকে প্ৰমূখ্যকৰি ছাত্ৰী সকলৰ সৈতে দুই শতাধিক লোকে অংশগ্ৰহণ কৰে। আৰম্ভণিতে পূণ্যলতা মহন্তই পৰিৱেশন কৰা এটি বৰগীতে শ্ৰোতাক মুগ্ধ কৰে। নবীন বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটোত কলিয়াবৰৰ বুৰঞ্জীৰ পথ প্ৰদৰ্শক যোগেশ্বৰ বৰা স্মাৰক বক্তৃতানুষ্ঠানে উপস্থিত সকলোৰে মন আকৰ্ষণ কৰে বুলি ক'ব পৰা যায়।

আৰু পঢ়ক: ডিজিটেল দুনীয়া কিমান ধুনীয়া…

assam kaliabor