/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/lkjkjd.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত মৰণফাণ্ডত পৰিণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কলিয়াবৰৰ মিছাৰ পৰা আমনিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে পথাচাৰীক ।
পুখুৰীলৈ পৰ্যবসিত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাই পথটোৰ কোনো কোনো অংশত গাঁতত পথ নে পথত গাঁত ধৰিবই নোৱাৰা এক অবৰ্ণনীয় পৰিবেশ বিদ্যমান ৷
ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আৰু চাৰিলেন যুক্ত পথ নিৰ্মাণত চুড়ান্ত হেমাহিৰ ফলতেই দিনক দিনে বৃদ্ধি হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা।
জৰাজীৰ্ণ পথৰ বাবে এতিয়া সৰ্বসাধাৰণ লোকে জীয়াতু ভুগিব লগা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ বাবেই এজাক বৰষুণতে দ দ গাঁতৰ সৃষ্টি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত।
বিশেষকৈ কলিয়াবৰৰ মিছাৰ পৰা আমনিলৈ ৰাষ্ট্ৰীয় ঘাই পথচোৱা বিধ্বস্ত ৰূপৰ বাবেই প্ৰায়েই সংঘটিত হৈ আহিছে দুৰ্ঘটনা।
আৰু পঢ়ক: জীৱন-মৃত্যুৰ যুঁজত মইনা, আই চি ইউত বিশিষ্ট চিন্তাবিদ…