/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ডিজিটেল সংবাদ,কলিয়াবৰঃ পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনটোতে কলিয়াবৰ মহকুমাৰ কুঠৰী ন-জানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মজদিলৈ বুলি যোৱাৰ পথত পুনৰ ঘৰলৈ ঘূৰি নাহিল দহ বছৰীয়া কনমানি ৷
তীব্ৰ বেগী টাটা যোদ্ধা বাহনৰ খুন্দাত থিতাতে নিহত হয় ১০ বছৰীয়া নাচিমূল আলি । জানিব পৰা মতে,ন-জানৰ মছজিদলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল নাচিবুল আলি আৰু হাচিবুল ইচলাম নামৰ দুটি কণমানি । কিন্তু মছজিদ নাপালেগৈ কণমানি দুটি ।
মছজিদৰ সন্মুখতে তীব্ৰ বেগী এ এছ ০২ চি চি ৬৩২১ নম্বৰৰ যোদ্ধা বাহনে মহতিয়াই নিয়ে দুই কণমানি শিশুক । ফলত থিতাতে নিহত হয় ন-জানৰ মোৱাৰক আলিৰ সন্তান নাচিমূল আলি লগতে দহ বছৰীয়া কনমানিটো সংকতজনক অৱস্থাত বাগৰি আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।
তীব্ৰ বেগী যোদ্ধা বাহন খনে দুই কণমানি শিশুক মহতিয়াই নিয়াৰ লগতে এখন ই ৰিক্সাত খুন্দা মাৰি পথৰ মাজতে বাগৰি পৰে । এই দুৰ্ঘটনাত ই-ৰিক্সা খনত থকা এগৰাকী মহিলাও আহত হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অব্যাহত।
Also Read: জোনালী দাসৰ সোণালী যাত্ৰা...