বৰদিনৰ আনন্দৰ মাজতেই ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ...

বৰদিনৰ আনন্দ উছাহৰ মাজতে দেওবাৰে নিশা প্ৰায় ৮-২০ বজাত কলিয়াবৰ মহকুমাৰ জখলাবন্ধা নগৰীৰ মাজ-মজিয়াত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা।
বৰদিনৰ আনন্দৰ মাজতেই ট্ৰাকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ...

ডিজিটেল সংবাদ,কলিয়াবৰঃ বৰদিনৰ আনন্দ উছাহৰ মাজতে দেওবাৰে নিশা প্ৰায় ৮-২০ বজাত কলিয়াবৰ মহকুমাৰ জখলাবন্ধা নগৰীৰ মাজ-মজিয়াত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাৰ ফলত এজন যুৱক থিতাতে নিহত হয় ৷

জানিব পৰা মতে,পেট্ৰ'ল পৰিবাহী টেংকাৰৰ হেণ্ডিমেন ৰূপে কৰ্মৰত কলিয়াবৰৰ কুঢ়িমাৰীৰ ৰঞ্জিত দাস নামৰ ৩০ বছৰীয়া যুৱকজনে এ এছ ০২ এ জি ০৪৭১ নম্বৰৰ স্কুটি খনৰে জখলাবন্ধা এন আৰ এল তেল ডিপুৰ পৰা ঘৰলৈ গৈ আছিল। ঘৰলৈ ৰাওনা হোৱাৰ পথত জখলাবন্ধা নগৰীৰ মাজমজিয়াত এন এল ০১ এ বি ৫৫৮৬ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷

দুৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আহত যুৱক জনক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষনা কৰে ৷ সৰবৰহী যুৱকজনৰ অকাল বিয়োগত জখলাবন্ধা আৰু নলতলিৰ কুঢ়িমাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে ৷

আৰু পঢ়ক: এখন গাঁৱৰ প্ৰায় ২০ টা পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in