/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/307228eb-3ee1-41c8-9583-9a16a79e1946/sgs.jpg)
koliabor
ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা অনুষ্ঠিত হয় "সময় বালিত ৰূপালী খোজ'' শীৰ্ষক জ্যেষ্ঠ নাগৰিকৰ এক খোজ কঢ়া প্ৰতিযোগিতা। প্ৰতিযোগিতাত ৬০ৰ উৰ্ধৰ কুৰিগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাখন উদ্বোধন কৰে কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই। প্ৰতিযোগিতাত নামগাঁৱৰ মিনাৰাম বৰাই প্ৰথম, হাটবৰৰ বীৰেন বৰাই দ্বিতীয় আৰু জখলাবন্ধাৰ মিনু শইকীয়াই তৃতীয় স্থান দখল কৰে।
উল্লেখ্য যে, জখলাবন্ধাৰ উৎসৱ উদযাপনস্থলীৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়ি সম্পূৰ্ণ কৰে সকলো প্ৰতিযোগীয়ে।
আৰু পঢ়ক : মন কী বাত : আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...