মন কী বাত : আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

আজি নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ

author-image
Asomiya Pratidin
New Update
মন কী বাত : আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

MANN KI BAAT

ডিজিটেল ডেস্ক : আজি নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ। প্ৰত্যেক মাহৰ শেষৰটো দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাত সম্বোধন কৰে। আজিও তেওঁ মন কী বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব। উল্লখ্য যে এইটো মন কী বাতৰ ৯৫ তম সংস্কৰণ।

Advertisment

আনহাতে, গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ'ব। এইটো বিশ্বাস কৰা হয় যে প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তাই গুজৰাট নিৰ্বাচনতো প্ৰভাৱ পেলাব পাৰে। সেয়ে তেওঁ আজিৰ মন কী বাত অনুষ্ঠানটোক লৈ অধিক আগ্ৰহী।

প্ৰতি মাহৰ শেষৰটো দেওবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰে। আজিও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় তেওঁ মন কী বাতত উল্লেখ কৰিব।

আৰু পঢ়ক : গণেশগুৰিত তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা...

pm modi narendra modi mann ki baat