/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/9658e63b-876f-48a3-88c0-a68bc0e8fa58/3.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ আজি গৰু বিহু। সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হৈছে গৰু বিহু। গৰু বিহুৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাছ ধৰা পৰ্ব অতীজৰে পৰা উদযাপন কৰি অহা হৈছে। কলিয়াবৰৰ ঔগুৰিত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে সমূহীয়া মাছ ধৰা পৰ্ব। এইবাৰো ঔগুৰিৰ গঁড়েহাগি বিলত সমূহীয়া মৎস্য চিকাৰ কৰিলে ঔগুৰি বাসী ৰাইজে।
ঔগুৰি গাঁৱৰ ১৩৭ ঘৰ লোকে একেলগে মাছ ধৰি সমানে বিৰতণ কৰি এসাজ খোৱাৰ পৰম্পৰা দীৰ্ঘদিনীয়া। সকলো পৰিয়ালে যাতে সমানে মাছ লাভ কৰে তাৰ বাবে মাছ কাটি থুপত মাছত বিতৰণ কৰা দৃশ্যই সকলোকে আকৃষ্ট কৰে। উল্লেখ্য যে, গৰু বিহুৰ দিনা এশ এবিধ শাকৰ লগত মাছ দি খোৱা পৰম্পৰা অতীজৰে পৰা চলি আহিছে কলিয়াবৰৰ ঔগুৰি গাঁৱৰ বড়ো সম্প্ৰদায়ৰ লোকসকলৰ মাজত।
Also Read: গৃহস্থক মুৰৰ চুলি চিগি আশীৰ্বাদ দিবলৈ অসমীয়াৰ চোতালত হুঁচৰি দল...