গৃহস্থক মুৰৰ চুলি চিগি আশীৰ্বাদ দিবলৈ অসমীয়াৰ চোতালত হুঁচৰি দল...

গৃহস্থক মুৰৰ চুলি চিগি আশীৰ্বাদ দিবলৈ অসমীয়াৰ চোতালত হুঁচৰি দল...

author-image
Asomiya Pratidin
New Update
গৃহস্থক মুৰৰ চুলি চিগি আশীৰ্বাদ দিবলৈ অসমীয়াৰ চোতালত হুঁচৰি দল...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বহাগত বিহুৰ ৰং সানিবলৈ, গৃহস্থক মুৰৰ চুলি চিগি আশীৰ্বাদ দিবলৈ আহিল হুঁচৰি দল। হেপাহৰ ব'হাগ বিহুৰ এক অন্যতম পৰম্পৰা হৈছে হুচৰি। গাঁৱৰ ৰাইজে সাত বিহুত গৃহস্থৰ চোতালে চোতালে গৈ পৰিৱেশন কৰা মনোমোহা সাতামপুৰুষীয়া সাংস্কৃতিক পৰম্পৰা হৈছে হুঁচৰি।

এই সংস্কৃতি জীয়াই ৰাখিবলৈ ব'হাগ বিহুৰ প্ৰথমটো দিনটোত বটদ্ৰৱাৰ ৰাইদঙীয়া গাঁৱৰ মহিলাসকল ওলাই আহিল হুঁচৰি গাবলৈ। ৰাইডঙীয়া গাঁৱৰ মহিলাসকলে গৃহস্থৰ চোতালত অনুপম হুচৰি সংস্কৃতি পৰিৱেশন কৰি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।

Also Read: আজি গৰু বিহু...

batadrava Bohag Bihu husori nagaon