/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c82f295e-d737-4288-aed5-ae01d4877574/gfgg.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত আমগুৰি গাওঁ পঞ্চায়তৰ আমগুৰি চাং গাঁৱৰ লক্ষীৰাম ৰংফাৰ নামৰ কৃষক গৰাকীয়ে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰি সকলোৰে বাৱে এটি আদৰ্শ দাঙি ধৰিছে। যি সময়ত ৰাসায়নিক সাৰৰে উৎপাদিত খাদ্য-পাচলি বজাৰত ভৰি পৰিছে¸ তেনে সময়তে ৰাইজৰ সু-স্বাস্থ্যৰ কথা চিন্তা কৰি কলিয়াবৰৰ চহা কৃষক গৰাকীয়ে বজাৰত মেলি দিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত বিশুদ্ধ সতেজ খাদ্য-পাচলি।
বিগত কেইবাবছৰ ধৰি সম্পূৰ্ণ জৈৱিক পচন সাৰ মূলত গোবৰ ব্যৱহাৰ কৰি লাইশাক¸ পালেং শাক¸ ধনীয়া¸ ফুলকবি¸ ব্ৰকলি¸ বন্ধাকবি¸ বিলাহী¸ বেঙেনা¸ জলকীয়া¸ উৰহী¸ আলুকে ধৰি বিভিন্ন সতেজ খাদ্য-পাচলিৰ খেতি কৰি আহিছে এইগৰাকী চহা খেতিয়কে। যি সময়ত বৰবিহ সদৃশ ৰাসায়নিক ৰাসয়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগেৰে মানুহৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে তেনে সময়ত ৰাইজৰ সু-স্বাস্থ্যৰ কথা ভাৱি তেখেতে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা সতেজ খাদ্য-পাচলি বজাৰত কম মূল্যত মেলি দিছে ৰাইজৰ বাবে।
সাৰ হিচাপে মূলত গোবৰ সাৰ ব্যৱহাৰ কৰাৰ লগতে কীটনাশক হিচাপে তেখেতে ব্যৱহাৰ কৰিছে গোমুত্ৰ, নিমপাত, ফুল আদিৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে নিজে তৈয়াৰ কৰি লোৱা এবিধ বিশেষ দ্ৰব্য। কোনো চৰকাৰী সা-সুবিধাৰ বাৱে বাট নাচাই নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে শিক্ষক লেখনাথ শৰ্মাই সহায় কৰা পাৱাৰটিলাৰ খনৰ উপৰিও কঠোৰ হাত দুখনৰে নিৰলসভাৱে কৃষি কৰ্ম কৰি অহা লক্ষীৰাম ৰংফাৰ এতিয়া হৈ পৰিছে আন দহগৰাকীৰ বাৱে আদৰ্শ । ইতিমধ্য কলিয়াবৰৰ 'উপভোগ' নামৰ ৰেষ্টুৰেণ্টখনৰ স্বতাধিকাৰী প্ৰশান্ত শইকীয়াই আদৰ্শবান কৃষক গৰাকীৰ উক্ত কৃষিকাৰ্যৰ প্ৰতি সন্মান জনায় এখন বজাৰ দিয়াৰ উদ্দেশ্যেৰে তেঁওৰ দ্বাৰা উৎপাদিত শাক-পাচলি সমূহ ক্ৰয় কৰি উপভোক্তা গ্ৰাহক ৰাইজৰ বাৱে আহাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
Also Read: বিহপুৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডলসহ দালাল