কা আমি নামানোঃ কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ...

শুকুৰবাৰে কলিয়াবৰৰ হাতীগাঁৱত বিৰোধী ঐক্য মঞ্চই গ্ৰহণ কৰে কা বিৰোধী প্রতিবাদ কাৰ্যসূচী। কা প্রত্যাহাৰৰ দাবীত ধৰ্মঘটত বহিল ১৬টা ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্ব।

author-image
Asomiya Pratidin
New Update
কা আমি নামানোঃ কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে প্ৰতিবাদত উত্তাল কলিয়াবৰ। শুকুৰবাৰে কলিয়াবৰৰ হাতীগাঁৱত বিৰোধী ঐক্য মঞ্চই গ্ৰহণ কৰে কা- বিৰোধী প্রতিবাদ কাৰ্যসূচী। কা প্রত্যাহাৰৰ দাবীত ধৰ্মঘটত বহিল ১৬টা ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্ব।

Advertisment

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক অখিল গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ লগত শ শ জনতা।

প্ৰতিবাদ সন্দৰ্ভক অখিল গগৈয়ে কয় যে, বিৰোধী ঐক্য মঞ্চ অসমে ৯ মাৰ্চ তাৰিখে কাজিৰঙা সমষ্টিৰ কলিয়াবৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱাৰ কথা আছিল। কিন্তু টাই আহোম ছাত্ৰ সন্থাই ৰাজহুৱাকৈ আহ্বান জনাইছিল যে ৯ মাৰ্চত কাৰ্যসূচীতো ল’ব নালাগে। কিয়নো উক্ত দিন লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব। সেয়ে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয়, কা সন্দৰ্ভত আমি প্ৰধানমন্ত্ৰীক লগ পাব বিচাৰিছিলো। কিন্তু ১৬ ৰাজনৈতিক দলক এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনোৱা নাই। সেয়ে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

তেওঁ কয় যে মোগলৰ বিৰুদ্ধে অসমীয়াই কৰা যুদ্ধৰ সময়ত সকলোতকৈ ডাঙৰ সেনা চাৱনী আছিল কলিয়াবৰত। সেয়ে আজি আমি বিৰোধী ঐক্য মঞ্চই কলিয়াবৰত একত্ৰিত হৈছো।

কা- বিৰোধিতা কৰি গগৈয়ে কয়, মোগলে অসম আক্ৰমণ কৰোতে অসমীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। এতিয়া আৰএছএছ, বিজেপিয়ে কাৰ দ্বাৰ অসমত বিজেপি সংস্থাপিত কৰিব বিচাৰিছে। কিন্তু কা আমি নামানো। কা বলবৎ হ'ব নিদিও। এনে হ'লে আজি ইয়াৰ পৰাই অসমৰ সংগ্ৰামী ৰাইজৰ যুদ্ধ আৰম্ভ হ'ব। পুনৰ সকলো ওলাই আহি কা-বিৰোধিতা কৰিব।

Also Read: চাৰিদিনীয়াকৈ মথুৰাপুৰৰ কৈলাশ ধামত মহা শিৱৰাত্ৰি

caa akhil gogoi