Advertisment

কলিয়াবৰত ট্ৰাকৰ ভিতৰত মৃতদেহ উদ্ধাৰ

কলিয়াবৰত ট্ৰাকৰ ভিতৰত মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

dangor khabar

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ বান্দৰডুবিত শুকুৰবাৰে এখন মালবাহী ট্ৰাকত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Advertisment

জানিব পৰা মতে, মেঘালয়ৰ পৰা নগাঁও চামগুৰিলৈ আহিছিল চিমেন্ট পৰিবাহী এন এল এ এ ৬২১৩ নম্বৰৰ ট্ৰাকখন। ট্ৰাকখন হাইজেক কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। হাইজেকাৰে গাড়ীখনৰ চালকক মাৰি গাড়ীৰ বাকচত ভৰাই চলাই আনিছিল উজনিৰ দিশে।

মৃত চালকজনৰ নাম নিকলাচ্ ধাৰ। হাইজেক কৰা ট্ৰাকখনৰ চালকক ইতিমধ্যে আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে৷ জানিব পৰামতে¸ট্ৰাকখন হাইজেক হোৱাৰ সন্দেহ কৰি আৰক্ষীক খবৰ দিছিল গড়ীখনৰ মালিক সৰবজিৎ সিঙে। জখলাবন্ধা আৰক্ষীয়ে তৎপৰতাৰে খেদি খেদি বান্দৰডুবিত জব্দ কৰে বাহনখন। ইতিমধ্যে¸ঘটনাস্থলীলৈ ৰাওনা হৈছে দণ্ডাধীশ আৰু ফৰেনছিকৰ দল।

Also Read: সুৰা নীতি প্ৰস্তুত কৰাটো দুৰ্ভাগ্যজনকঃ আন্না হাজাৰে

deadbody found Kaliabar