সুৰা নীতি প্ৰস্তুত কৰাটো দুৰ্ভাগ্যজনকঃ আন্না হাজাৰে

সুৰা নীতি প্ৰস্তুত কৰাটো দুৰ্ভাগ্যজনকঃ আন্না হাজাৰে

author-image
Asomiya Pratidin
New Update
সুৰা নীতি প্ৰস্তুত কৰাটো দুৰ্ভাগ্যজনকঃ আন্না হাজাৰে

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আৰু লৈ যায় ইডিৰ কাৰ্যালয়লৈ। নিশাটো ইডি কাৰ্যালয়তে কটায় মুখ্যমন্ত্ৰীগৰাকীয়ে। সুুৰা নীতি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় মুখ্যমন্ত্ৰীগৰাকীক। গ্ৰেপ্তাৰৰ পিছতেই উত্তপ্ত হৈ পৰে দিল্লী।

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আন্না হাজাৰে। কেজৰিৱালৰ সুৰা নীতিক লৈ অসন্তুষ্ট হাজাৰে। সুৰা নীতি প্ৰস্তুত কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে অৰৱিন্দ কেজৰিৱালৰ একালৰ গুৰু আন্না হাজাৰেয়ে। নিজৰ ভুলৰ বাবেই কেজৰিৱাল গ্ৰেপ্তাৰ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে । এতিয়া যি হব সেয়া আইনে কৰিব বুলিও মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে, ইডিয়ে সুৰা নীতি কেলেংকাৰীৰ অধীনত কেজৰিৱালক ৯ বাৰ চমন জাৰি কৰিছিল যদিও এবাৰো হাজিৰ হোৱা নাছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। এই সন্দৰ্ভত কেজৰিৱাল দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু গ্ৰেপ্তাৰত বাধা আৰোপ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু এই আবেদন ন্যায়ালয়ে খাৰিজ কৰাৰ পাছতেই ইডিয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

Also Read: গহপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ

delhi arvinda kejriwal aap anna hazare