খোৱা পানীৰ বাবে হাহাকাৰ কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজৰ

খোৱা পানীৰ বাবে হাহাকাৰ কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজৰ

author-image
Asomiya Pratidin
New Update
খোৱা পানীৰ বাবে হাহাকাৰ কলিয়াবৰ চাহ বাগিচা অঞ্চলৰ ৰাইজৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ "কচম খাইছো, এইবাৰ ভোট বিচাৰি আহিলে আপোনালোককো নদ-জুৰিৰ লেতেৰা বোকা পানী খুৱাই পঠাম। আমি যে বোকা পানীকে খাব লাগে, আমি মানুহ নহয় নেকি? আমি এনেয়ে ভোট দি আছো!"- এনেদৰেই এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কলিয়াবৰৰ এখন চাহ বাগিচাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে।

Advertisment

উল্লেখ্য যে, পাহাৰৰ জুৰি পানী খায়েই জীৱন অতিবাহিত কৰিছে কলিয়াবৰৰ হাতীগাঁও চাহ বাগিছাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷ যি সময়ত ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ বিজয় গান গাইছে , যি সময়ত ৰাজ্য খনৰ উন্নয়ন সকলো দিশতে জয় জয় ময় ময় বুলি ক'বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত কলিয়াবৰৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা কথাই সচেতন মহলক চিন্তিত কৰি তুলিছে। কাৰণ যুগ যুগ ধৰি নদ, জুৰিৰ দূষিত পানীৰেই তৃষ্ণা পূৰণ কৰি অহাৰ পিছতো অঞ্চলটোত মুকলি হোৱা নাই জলজীৱন আঁচনিৰ পানী যোগানৰ ব্যৱস্থা।

খৰালি নদ-কুঁৱা আদিৰ পানীও শুকাই যোৱাত এতিয়া এটুপি পানীৰ সন্ধানত হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ শতাধিক পৰিয়ালে। লোকসভা নিৰ্বাচনৰ পূৰ্বেই অঞ্চলটোত পানী যোগানৰ ব্যৱস্থা নহ'লে ভোট বৰ্জনৰো হুংকাৰ দিছে অঞ্চলবাসীয়ে। এটুপি পানীৰ সন্ধানত হাহাকাৰ কৰিব লগা হোৱা ভোটাৰ ৰাইজে এইবাৰ সকীয়াই দিলে ৰাজনৈতিক দলৰ নেতা-পালিনেতাক। কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীগাঁও চাহ বাগিচাৰ বিকাশৰ নমুনা এয়া। স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো এটুপি পানীৰ বাবেই হাহাকাৰ কৰিব লগা হৈছে কলিয়াবৰৰ হাতীগাওঁ চাহ বাগিচাৰ ১নং হাতীগাওঁ, শালকনা বস্তি আৰু লোহাৰ ডাংগাবাসীয়ে। পানীৰ যোগানৰ সুব্যৱস্থাৰ অভাৱত দূষিত পানীৰেই তৃষ্ণা নিবাৰণ চাহ বাগিচাৰ বস্তি অঞ্চলৰ ৰাইজৰ। যুগ যুগ ধৰি মাটিৰ কুঁৱা, নদ অথবা জুৰিৰ পানীৰেই তৃষ্ণা নিবাৰন কৰিছে এইসকল লোকে। বৰ্তমান খৰালি কালত শুকাই গৈছে নদ কুঁৱা আদিৰ পানীও। ফলত পানী বিচাৰি হাহাকাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ।

কোনোৱে যদি কুঁৱাৰ তলিত ৰৈ যোৱা বোকা পানীৰেই তৃষ্ণা পূৰণ কৰিছে, আন কোনোৱে প্ৰায় দুই কিলোমিটাৰ দূৰত্ব বাটকুৰি বাই জুৰিৰ পৰা সংগ্ৰহ কৰিছে পানী। গা ধোৱা, কাপোৰ ধোৱা, খোৱা সকলো কামতে ব্যৱহাৰ হৈছে জুৰিৰ এই দূষিত পানীকে। দীৰ্ঘদিন ধৰি খোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ আবেদন নিবেদন কৰিও সুফল পোৱা নাই হাতীগাওঁ চাহ বাগিচাৰ ১নং হাতীগাওঁ, শালকনা বস্তি আৰু লোহাৰ ডাংগাবাসীয়ে। সেয়েহে এতিয়া কলহ লৈ বহু দূৰ বাট পানীৰ সন্ধানত বাটকুৰি বাব লগা হৈছে বৃহত্তৰ অঞ্চলটিৰ মহিলাসকলে । দিনটো বাগিচাত কাম কৰি আহিও বিয়লি পুনৰ পানীৰ সন্ধানত ওলাই আহে মহিলাসকল ৷

উল্লেখ্য যে অঞ্চলটোত জলজীৱন মিছনৰ অধীনত পানী যোগান আঁচনি স্থাপন কৰা হৈছে যদিও অঞ্চলবাসীয়ে এতিয়ালৈকে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী। ফলত এতিয়াও গা ধোৱা, কাপোৰ ধোৱাৰ লগতে খোৱা পানীৰ বাবেও পাহাৰৰ পৰা নামি অহা এই জুৰিৰ পানীকে ব্যৱহাৰ কৰিব লগা হৈছে বস্তি অঞ্চলৰ লোকেসকলে। লোকসভা নিৰ্বাচনৰ পূৰ্বেই অঞ্চলটোত বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা নহ'লে এইবাৰ ভোট বৰ্জনৰো হুংকাৰ দিছে অঞ্চলটোৰ শতাধিক পৰিয়ালে।

Also Read: ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অভিনৱ প্ৰতিবাদী কাৰ্যসূচী

Kaliabar