ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অভিনৱ প্ৰতিবাদী কাৰ্যসূচী

ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অভিনৱ প্ৰতিবাদী কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অভিনৱ প্ৰতিবাদী কাৰ্যসূচী

ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি উদ্যোগত কেৰেকনি আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত গাই নদীৰ দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে শীঘ্ৰে নিৰ্মাণ কৰা আৰু চুমনি গাঁৱৰ পৰা আমগুৰি গড়কাপ্তানি বিভাগৰ দলঙলৈ নিৰ্মাণ কৰি মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰাৰ পৰিবৰ্তে পোনকৈ নিৰ্মাণ কৰাৰ দাবীত শনিবাৰে দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ২ বজালৈকে ধেমাজি জল সম্পদ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰী ৰাইজে হৰিনাম গাই অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Advertisment

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই বিভাগক ক্ষোৰধাৰ সমালোচনা কৰি ভাষণত তেওঁ কয় যে, বৰ্তমানে নৱ-নিৰ্মীয়মান হৈ থকা গাইনদীৰ বাওঁফালৰ মথাউৰিটো বেঁকাকৈ নিৰ্মাণ কৰাৰ ফলত কেৰেকনি মাজগাঁও, কল্পনাপুৰ, জামুগুৰি, ঘিলাগুৰি, বৰাচিৰা, ধেমাজি গোহাঁইগাঁও, বামগাঁও, বঙালমৰা আদিকে ধৰি প্ৰায় কুৰিখন গাৱৰ জনসাধাৰণৰ মাটি-ভেটি সম্পূৰ্ণৰূপে ক্ষতি হ'ব বুলি উল্লেখ কৰে ৷ তেওঁ অতি শীঘ্ৰে গাইনদীৰ বাওঁফালৰ নৱনিৰ্মিত মথাউৰিটো পোনকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি কেৰেকনি মাজগাঁৱকে আদি কৰি সমগ্ৰ অঞ্চলটোত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰে তেনেহ'লে আগন্তুক দিনত ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী হ'ব বুলি ঘোষণা কৰে।

দুঘন্টীয়া হৰিনাম কাৰ্যসূচী"ৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰি গাই নদীৰ দুয়োপাৰৰ মথাউৰিৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰক, মথাউৰি পোনকৈ নিৰ্মাণ কৰক, প্ৰদান বৰুৱা হুচিয়াৰ, প্ৰদান বৰুৱা গ'বেক, বিধায়ক ভূৱন পেগু হুচিয়াৰ , জলসম্পদ বিভাগ মুৰ্দ্দাবাদ, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে জলসম্পদ বিভাগৰ কাৰ্যলয় সন্মুখত তীব্ৰ প্ৰতিবাদেৰে হৰিনাম আৰু অৱস্থান ধৰ্মঘট পালন কৰে ৷

শনিবাৰে এই অভিনৱ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সভাপতি সঞ্জীৱ চেতিয়া, লগতে বিনোদ চুতীয়া, লিলা দাস, শেৱালী দাস, লক্ষীনাৰায়ন বৰগোহাঁই, সোমেশ্বৰ দাস,হেমচন্দ্ৰ গগৈ, বগাদধৰ গগৈ আদিয়ে ভাষন প্ৰদান কৰাৰ লগতে যুৱ পৰিষদ ধেমাজি জিলাৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞাঁ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেণ দিহিঙীয়া, কেৰেকনি আঞ্চলিক সমিতিৰ সভাপতি কল্যান চুতীয়া, কাৰ্যকৰী সভাপতি গুণীন চুতীয়া, সাধাৰণ সম্পাদক শ্ৰীমন্ত গগৈ লগতে কেৰেকনি মাজগাঁও, কল্পনাপুৰ, জামুগুৰি, বৰাচিৰা, ঘিলাগুৰি, বামগাঁও, ধেমাজি গোহাঁইগাঁও বহু সংখ্যক বানপীড়িত ৰাইজে আজি উপস্থিত থাকে ৷

Also Read: বিৰোধী ঐক্য মঞ্চ বৰ্তাই ৰাখাৰ স্ৱাৰ্থত গুৱাহাটী লোকসভা সমষ্টি আপে ত্যাগ কৰিছেঃ ঋষিৰাজ কৌণ্ডিন্য

bhuban pegu dhemaji asom jatiyatabadi yuba chatra parishad Pradan Baruah