ব্যতিক্ৰমী ৰূপত কাকপথাৰস্থিত সেনা চাউনিত উদযাপন ৰাখীবন্ধন…

ব্যতিক্ৰমী ৰূপত কাকপথাৰস্থিত সেনা চাউনিত উদযাপন ৰাখীবন্ধন…

author-image
asomiyapratidin
New Update
ব্যতিক্ৰমী ৰূপত কাকপথাৰস্থিত সেনা চাউনিত উদযাপন ৰাখীবন্ধন…

ডিজিটেল সংবাদ, তিনিচুকীয়া : আজি পবিত্ৰ ৰাখীবন্ধন ৷ শাওন মাহৰ পূৰ্ণিমা তিথিৰ দিনটোতে দেশজুৰি উদযাপিত হয় ৰাখীবন্ধন । ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধি দীৰ্ঘায়ু হোৱাৰ কামনা কৰে । ৰাখীডালতেই লুকাই থাকে অকৃত্ৰিম মৰম-চেনেহ আৰু ভালপোৱা ৷ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৃহস্পতিবাৰে ব্যতিক্ৰমী ৰূপত এজাক ছাত্ৰীয়ে তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ১৪ অসম ৰেজিমেণ্টৰ সেনা চাউনীত সেনা জোৱান আৰু বিষয়াসকলৰ মাজত উদযাপিত কৰে পবিত্ৰ ৰাখীবন্ধন অনুষ্ঠান ।

Advertisment

কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলৰ লগতে ডুমডুমা মহাবিদ্যালয়ৰ এন চি চি গোটৰ ছাত্ৰীসকলে সেনা চাউনীটোৰ প্ৰতিজন সেনা জোৱান আৰু বিষয়াক ৰাখী পিন্ধায় । ৰাখী পিন্ধি সেনাসকলে দেশমাতৃৰ লগতে প্ৰতিগৰাকী ভগ্নীক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইয়াৰ মাজতে ভাৰতীয় সেনাৰ চাৰিটা শ্বহীদ পৰিয়ালৰ পত্নীসকলেও সেনা বিষয়াসকলক ৰাখী পিন্ধাই আৰ্শীবাদ কৰে ।

আৰু পঢ়ক : নগাঁৱৰ বঢ়মপুৰত স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ কাৰ্যসূচী শুভৰাম্ভ…

assam tinisukia rakshabandhan kakopothar