নগাঁৱৰ বঢ়মপুৰত স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ কাৰ্যসূচী শুভৰাম্ভ…

নগাঁৱৰ বঢ়মপুৰত স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ কাৰ্যসূচী  শুভৰাম্ভ…

ডিজিটেল সংবাদ,নগাঁও : ৰাজ্যৰ সকলো সাংবাদিকলৈ কংগ্ৰেছে আগবঢ়াব জাতীয় পতাকা ৷ স্বাধীনতাৰ গৌৰবময় যাত্ৰাৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছে গ্ৰহণ কৰিছে সাংবাদিকক জাতীয় পতাকা প্ৰদানৰ কাৰ্যসূচী ৷ ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত নগাঁৱৰ সাংবাদিকক জাতীয় পতাকা প্ৰদানেৰে ৰাজ্যজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পূৰ্বে এক সংবাদমেল সম্বোধন কৰি সভাপতি ভূপেন বৰাই কয় যে 'চৰকাৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে ৷ নিবনুৱা সকল হতাশ হৈ পৰিছে ৷ কৃষিৰ বাবে আবন্টিত পুঁজিৰ লুন্ঠন হৈছে ৷ আঁচনিৰ বাস্তৱিক ৰূপায়ন আৰু প্ৰতিশ্ৰুতি পূৰণত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ৷' সংবাদমেলত সভাপতি ভূপেন বৰাই লগতে কয় যে 'বৰ্তমানৰ চৰকাৰ খনৰ হাতত কাম কৰিবলৈ বৰ্তমানেও সময় আছে ৷ যদি প্ৰতিশ্ৰুতি পালনত সক্ষম হয় তেতিয়া হ'লে ৰাইজৰ উপকাৰ হ'ব ৷ সংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত সভাপতি ভূপেন বৰাই আগন্তুক পঞ্চয়ত নিৰ্বাচনত কংগ্ৰেছে একক ভাবে প্ৰতিদন্দিতাৰ ইঙ্গিত প্ৰদান কৰে ৷'

বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা উপস্থিত থকা সংবাদমেলখনত সভাপতি বৰাই বিজেপিৰ শাসনত গণতন্ত্ৰৰ সংকট নামি অহা বুলিও বক্তব্য আগবঢ়াই ৷ ইফালে সংবাদমেল খনত বিধায়ক ৰকিবুল হুছেইনে আগন্তুক দিনত বিজেপিয়ে দলীয় ভিত্তিত পঞ্চায়ত নিৰ্বাচন নেখেলি ব্যক্তি ভিত্তিত নিৰ্বাচন খেলিব বুলি আগতীয়াকৈ খবৰ পোৱা বুলি মন্তব্য কৰে ৷ ৰাইজক কৰেৰে টেটু চেপা দিয়াৰ পিছত ৰাইজ অসন্তুষ্ট হোৱাৰ বাবে বিজেপিয়ে দলীয় ভাবে পঞ্চায়ত নিৰ্বাচন নেখেলে বুলি বিধায়ক হুছেইনে মন্তব্য কৰে সংবাদমেলত ৷

দেশৰ স্বাধীনতাৰ গৌৰবময় ৭৫ টি বৰ্ষৰ ক্ষণত কংগ্ৰেছে হাতত লোৱা স্বাধীনতাৰ গৌৰবময় যাত্ৰাৰ কাৰ্যসূচী নগাঁৱৰ বঢ়মপুৰত শুভৰাম্ভ কৰা হয় ৷ বঢ়মপুৰৰ কংগ্ৰেছৰ এই দলীয় কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা, জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা আদিয়ে অংশ গ্ৰহণ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in