কাকতি গাঁও বুঢ়া নামঘৰত মনিকূট প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ

কাকতি গাঁও বুঢ়া নামঘৰত মনিকূট প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ

ডিজিটেল সংবাদ ,বেবেজীয়া : কাকতি গাঁও বুঢ়া নামঘৰত মনিকূট প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ। আহোমৰ ৰাজত্বকালতেই ৰাজৰোষৰ ভয়ত কছাৰী ৰাজ্যত আশ্ৰয় লোৱা মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিষ্ণুদেৱ গোস্বামীয়ে ১৭৯২ চনতেই স্থাপন কৰা নগাওঁ জিলাৰ কাকতি গাঁও নামঘৰৰ পুনৰ নিৰ্মাণ উপলক্ষে কেইবাদিনীয়াকৈ আয়োজন কৰা উদ্বোধনী অনুষ্ঠানৰ শনিবাৰে পুৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচী উদ্বোধন কৰে গাঁৱখনৰ জেষ্ঠ ব্যক্তি লক্ষেশ্বৰ নাথে ।

দুপৰীয়া অনুষ্ঠিত হয় অহোৰাত্ৰ ভাগৱত পাঠৰ অনুষ্ঠান। ফুলগুৰি ম'হগড়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল কৃষ্ণ নাথে ভাগৱতৰ ওপৰত এক চমু ভাষণ দিয়াৰ পাছতে মহাভাগৱত পাঠৰ উন্মোচন কৰে খলিহামাৰিৰ ধনীৰাম নাথে ।

জাগীয়ালৰ চন্দ্ৰ বৰা ,প্ৰশান্ত কাকতিয়ে উপাচাৰ্য হিচাবে আৰম্ভ কৰে অহোৰাত্ৰ ভাগৱত পাঠ । ইয়াৰ আগতে নাম প্ৰসংগ অনুষ্ঠিত হয় । নাম প্ৰসংগৰ পাছতে অঞ্চলটোৰ ৮০ৰ দেওনা পাৰ হৈ শতায়ুৰ দিশে গতি কৰা গোলোক চন্দ্ৰ নাথ, ( নগাঁও), হৰিনাৰায়ন নাথ ( বৈঠালাংছ), লক্ষেশ্বৰ নাথ ( কাকতি গাঁও), পবীন কাকতি ( কাকতি গাঁও) , নুমলী দেৱী( কাকতি গাঁও) , ডিম্বেশ্বৰী দেৱী ( কাকতি গাঁও) , মঙ্গলী দেৱী ( কাকতি গাঁও) , আৰু চেনীমাই দেৱী ( নগাঁও)ক সম্বৰ্ধনা জনায়।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি অহা সোমবাৰে পুৱা ভাগৱত পাঠৰ সামৰণি পৰিব আৰু ৭ ফেব্ৰুৱাৰী মংগলবাৰে ৰুক্মিণী হৰণ কঙ্কীয়া নাটক প্ৰদৰ্শনৰ পাছতে সামৰণি পৰিব মনিকূট প্ৰতিষ্ঠা অনুষ্ঠানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in