চিৰাঙৰ ছামঠাইবাৰীৰ পেট্ৰ'ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড...

চিৰাঙৰ ছামঠাইবাৰীৰ পেট্ৰ'ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড...

ডিজিটেল ,সংবাদ চিৰাং:চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছামঠাইবাৰীস্থিত ইণ্ডিয়ান অইল পেট্ৰ'ল পাম্পত ফুট গধূলিতে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হয়। মটৰচাইকেলত অহা দুই অচিনাক্ত পিস্তলধাৰী ডকাইতে লুটি নিয়ে প্ৰায় ৩ লক্ষাধিক টকা ।

পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে শনিবাৰে বিয়লি প্ৰায় ৫:৩০ বজাত হেলমেট পৰিধান কৰি এখন মটৰচাইকেল অহা ২ যুৱকে পেট্ৰ'ল পাম্পত কৰ্মচাৰীসকলক পিস্তল টোৱাই টকা বিচাৰে অন্যথা গুলীয়াই দিয়াৰ ভাবুকি প্ৰদান কৰে ।

মৃত্যুৰ ভয়ত কৰ্মৰত কৰ্মচাৰীজনে কেচ বাকচৰ পৰা উক্ত ডকাইতৰ দলটোক নগদ ৩ লাখ ৫০ হেজাৰ টকা উলিয়াই দিয়ে বুলি জানিবলৈ দিয়ে । ডকাইতি কাণ্ডৰ খবৰ লাভ কৰাৰ পিছতেই চিদলী থানাৰ লগতে গৰুভাষা আৰক্ষী চকীৰ পৰা আৰক্ষীৰ লোক পেট্ৰ'ল পাম্পত আহি উপস্থিত হয় ।

আৰক্ষীয়ে পেট্ৰ'ল পাম্পত থকা চিচি টিভি কেমেৰাত আবদ্ধ ভিডিঅ' সংগ্ৰহ কৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰালৈকে এই সংক্ৰান্তত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in