কাজিনেমুক জাতীয় ফল ঘোষণা

ইতিমধ্যে কাজি নেমুৱে লাভ কৰিছে GI টেগ । অসমৰ কাজি নেমুৰ আছে সুকীয়া বৈশিষ্ট্য । ২০১৯ চনৰ ৫ জানুৱাৰীত কাজি নেমুক GI টেগ প্ৰদান কৰা হৈছিল ।

author-image
Asomiya Pratidin
New Update
কাজিনেমুক জাতীয় ফল ঘোষণা

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰত পৰিচিত ঔষধি গুণসম্পন্ন অসমৰ কাজিনেমুৱে ৰাজ্যৰ ‘জাতীয় ফল’ৰ মৰ্যাদা লাভ কৰিলে। বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰিলে মন্ত্ৰী অতুল বৰাই।

Advertisment

GI মৰ্যদা লাভ কৰাৰ পিছত অসমৰ সামগ্ৰীসমূহে এক নিৰ্দিষ্ট পৰিচয় লাভ কৰাৰ লগতে ভৱিষ্যতে ই ব্যৱসায়ৰ ক্ষেত্ৰখনত বিশেষভাৱে সহায়ক হ’ব বুলিও ধাৰণা কৰিব পাৰি বুলি বিধানসভাত মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে।

ইতিমধ্যে কাজি নেমুৱে লাভ কৰিছে GI টেগ । অসমৰ কাজি নেমুৰ আছে সুকীয়া বৈশিষ্ট্য । ২০১৯ চনৰ ৫ জানুৱাৰীত কাজি নেমুক GI টেগ প্ৰদান কৰা হৈছিল ।

উল্লেখযোগ্য যে অসমত উৎপাদিত ৭০ হাজাৰ কাজি নেমু সম্প্ৰতি বিদেশলৈ পঠিওৱা হৈছে। অসমৰ পৰা ডুবাই, লণ্ডন, আবুধাবী, কাটাৰলৈ কাজি নেমু ৰপ্তানিও কৰা হৈছে।

কাজিনেমু জাতীয় ফল হিচাপে ঘোষিত হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গ্ৰামাঞ্চলৰ ৰাইজে । জাতীয় ফল হিচাপে ঘোষণা কৰাই নহয় ইয়াৰ বজাৰ মূল্যও সঠিকভাৱে নিৰূপণ কৰাৰ আশা কৰিছে কৃষকসকলে ।

Also Read: উত্তাল দিল্লীঃ প্ৰতিবাদকাৰী কৃষকলৈ কন্দুৱা গেছ, সীমান্তত কাইটীয়া বেৰ

assam atul borah kajinemu gi tag national fruit