শিক্ষক কৈলাশ দিজু স্বৰ্গীয়াৰীৰ বিয়োগ...

শিক্ষক কৈলাশ দিজু স্বৰ্গীয়াৰীৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
শিক্ষক কৈলাশ দিজু স্বৰ্গীয়াৰীৰ বিয়োগ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ : শোণিতপুৰ জিলাৰ এগৰাকী জনপ্ৰিয় শিক্ষক তথা বিৰল প্ৰতিভাবান ব্যক্তি কৈলাশ দিজু স্বৰ্গীয়াৰীৰ বিয়োগ। এক পথ দুৰ্ঘটনাতপতিত হৈ মৃত্যুক সাৱতি লয় শিক্ষকগৰাকীয়ে।

Advertisment

এগৰাকী জনপ্ৰিয় শিক্ষক হিচাপে ৰাইজৰ মাজত পৰিচিত হোৱাৰ লগতে তেওঁ শিক্ষা, সাহিত্য, সংস্কৃতি, সমাজ, ধৰ্ম আদি বিভিন্ন দিশত আগৰণুৱা আছিল । এখন বড়ো মাধ্যম এলপি স্কুলৰ শিক্ষক হিচাপে কৰ্মৰত আছিল আৰু তেওঁ কৰা কৰ্মৰাজিৰ বাবে ৰাইজৰ মাজত তেওঁ সমাদৃত হৈছিল। তেওঁ কেৱল ভাল শিক্ষকতাই নহয় সংগীত চৰ্চা আৰু ভাল কবিতা লিখি সুন্দৰকৈ পাঠ কৰিছিল।

শোণিতপুৰ জিলাখনতও এবচুৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল কৈশাল স্বৰ্গীয়াৰীয়ে। কিন্তু অতি কম বয়সতে তেওঁৰ মৃত্যু হয়। শিক্ষকগৰাকীৰ মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছা পেলাইছে।

Also Read: মহানগৰীত চাঞ্চল্য! মাজপথতেই মহিলাক আক্ৰমণ দুৰ্বৃত্তৰ